NORTHEAST NOW (Assamese)
Popular Stories

দক্ষিণ কামৰূপত তবলিগী জামাতীক আত্মগোপনত সহায় কৰা চাৰিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 13, 2020 7:11 pm
d828c519-bea2-4d69-b97a-4f478ba4cf3b

সোমবাৰে তবলিগী জামাতীক মছজিদত আত্মগোপনত সহায় কৰা অভিযোগত দক্ষিণ কামৰূপৰ মছজিদ পৰিচালনা সমিতিৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। আজি দুপৰীয়া ছয়গাঁও আৰু বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তকেইজনক।

ছয়গাঁও আৰক্ষীয়ে জোৰ শিমলুৰ অগ্ৰদূত মছজিদৰ সভাপতি সম্পাদকক গ্ৰেপ্তাৰ কৰিছে এই অভিযোগত। আৰক্ষীয়ে মছজিদটোৰ সভাপতি চাহেব আলি আৰু সাধাৰণ সম্পাদক মইনুল হকক গ্ৰেপ্তাৰ কৰিছে।

ইফালে সোণতলি পালিমঙ্গল মছজিদৰ পৰিচালনা সমিতিৰ দুই সদস্যকো গ্ৰেপ্তাৰ কৰিছে বকো আৰক্ষীয়ে। সদস্য মোকদাম আলি আহমেদ আৰু ছফিউৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

তেওঁলোকৰ বিৰুদ্ধে ১২ জন তবলিগী জামাতীক লুকুৱাই ৰখাৰ অভিযোগ উত্থাপিত হৈছে।

উত্তৰ প্ৰদেশৰ মীৰাটৰ মুঠ ১২ গৰাকী তবলিগী জামাতীয়ে আহি আত্মগোপন কৰি আছিল মছজিদ দুটাত। জামাতী কেইজনে এমাহতকৈ অধিক সময় আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে কালি ১২ জন তবলিগী জামাতীক আটক কৰি হাজো কলিতাকুছি হাস্পতালত কোৱাৰেন্টাইন কৰি ৰাখিছে।

বৰ্তমান আৰক্ষীয়ে মছজিদ দুটাৰ পৰিচালনা সমিতিৰ চাৰিওজনকে গ্ৰেপ্তাৰ কৰি শোধা-পোছা অৱ্যাহত ৰাখিছে।

আৰক্ষীৰ অভিযোগ যে আৰক্ষীক মছজিদ পৰিচালনা কমিটিৰ বিষয়ববীয়াই তবলিগী জামাতীৰ তথ্য দিয়াত কোনোধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা নাছিল।

চাৰিওজন লোকৰ বিৰুদ্ধে বকো থানাত ৩৭২/২০ আৰু ছয়গাঁও আৰক্ষী থানাত ৩৬৮/২০ ত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।