NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতে মুকলি কৰা আৰোগ্য সেতু এপক বিশ্ব বেংকৰ প্ৰশংসা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2020 7:54 pm
Arogya setu aap

কণ্টেক ট্ৰেছিঙৰ জৰিয়তে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে মুকলি কৰা আৰোগ্য সেতু এপক প্ৰশংসা কৰিছে বিশ্ব বেংকে।

বিশ্ব বেংকৰ দক্ষিণ অৰ্থনৈতিক ফ’কাছ ৰিপোৰ্টত ভাৰতৰ আৰোগ্য সেতু এপক প্ৰশংসা কৰে সংস্থাটোৱে।

আৰোগ্য সেতুৰ উদাহৰণ দি ডিজিটেল প্ৰযুক্তিক কোভিদ-১৯-ৰ সংক্ৰমণ নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব বুলিও বিশ্ব বেংকে লগতে কয়।

আনহাতে, ডিজিটেল প্ৰযুক্তিৰ এনেধৰণৰ পদক্ষেপৰ জৰিয়তে মহামাৰীৰ বিৰুদ্ধে সংঘবদ্ধ হৈ যুঁজিব পৰা যাব বুলিও সংস্থাটোৱে উল্লেখ কৰে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে ক’ৰ’না আক্ৰান্ত লোকসকলৰ কণ্টেক ট্ৰেছিঙৰ বাবে আৰোগ্য সেতু এপ মুকলি কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আৰোগ্য সেতু এপক দেশত জনপ্ৰিয় কৰি তোলাৰ বাবে জনসাধাৰণক আহ্বান জনাইছে।

বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে হোৱা বৈঠকৰ সময়তো প্ৰধান মন্ত্ৰী মোদীয়ে আৰোগ্য সেতু এপক ৰাজ্য সমূহ্ত জনপ্ৰিয় কৰি তোলাৰ বাবে মুখ্য মন্ত্ৰীসকলক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ কৰিছিল।

ভাৰতত বৰ্তমানলৈ মুঠ ৯৩৫২ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩২৪ গৰাকী লোকৰ এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।