NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না আতংক : কেন্দ্ৰই জ্যেষ্ঠ নাগৰিকৰ বাবে জাৰি কৰিলে কেতবোৰ বিশেষ পৰামৰ্শৱলী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2020 2:05 pm
Capture

কোভিদ-১৯ৰ ভয়াবহতাৰ মাজতে সোমবাৰে কেন্দ্ৰীয় সামাজিক ন্যায় ও সবলীকৰণ মন্ত্ৰ্যালয়ে দেশৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে জাৰি কৰিছে কেতবোৰ বিশেষ পৰামৰ্শাৱলী।

এই সংকটৰ সময়ত দেশৰ জ্যেষ্ঠ নাগৰিকসকল কেনেদৰে সুৰক্ষিত থাকিব আৰু স্বাস্থ্যৰ কিদৰে যতন ল’ব সেই সম্বন্ধে কেতবোৰ নীতি নিৰ্দেশনা বান্ধি দিয়ে।

কেন্দ্ৰই জাৰি কৰা পৰামৰ্শৱলীত জ্যেষ্ঠ নাগৰিকসকলক ঘৰত থকাৰ লগতে কোনো লোকৰে সংস্পৰ্শলৈ নাহিবলৈ কোৱা হৈছে।

আনহাতে যদি কাৰোবাক লগ কৰাটো প্ৰয়োজন হয় তেন্তে ১ মিটাৰ দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি নিজকে সুস্থ কৰি ৰাখিবলৈ ঘৰৰ ভিতৰতে সাধাৰণভাৱে ব্যায়াম বা যোগা কৰাৰ লগতে বিশেষ গুৰুত্বপূৰ্ণ নহ’লে চিকিৎসালয়লৈ নোযোৱাৰো পৰামৰ্শ প্ৰদান কৰে।

মানসিক প্ৰশাসন্তিৰ বাবে জ্যেষ্ঠ লোকসকলক সামাজিক দূৰত্ব বজাই ৰাখি ওচৰ চুবুৰীয়া বা আপোনজনৰ সৈতে মনৰ ভাৱ আদান প্ৰদান কৰাৰ পৰামৰ্শ দিয়ে।

জ্যেষ্ঠ লোকসকলকে নিজকে আছুতীয়াভাৱে নাথাকিবলৈ আহ্বান জনোৱাৰ লগতে চ’চিয়েল মিডিয়া প’ষ্ট আৰু অতিৰঞ্জিত বাতৰি সমূহক গুৰুত্ব নিদিবলৈও আহ্বান জনায়।

মন্ত্ৰ্যালয়ৰ সচিব আৰ সুব্ৰমণিয়মে এই বিশেষ পৰামৰ্শৱলী প্ৰত্যেক ৰাজ্যৰে মুখ্য সচিবলৈ প্ৰেৰণ কৰি জিলা সমূহত প্ৰচাৰ ব্যৱস্থা কৰিবলৈ কয়।

উল্লেখ্য যে ভাৰতত জ্যেষ্ঠ নাগৰিকৰ সংখ্যা ১৬ কোটি আৰু এই লোকসকল কোভিদ-১৯ত আক্ৰান্ত হোৱাৰ সৰ্বাধিক আশংকা থাকে।