NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰ প্ৰদেশত এটি ৩ মহীয়া শিশু ক’ৰ’না ভাইৰাছত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2020 2:36 pm
eef607589d9624295fac0f1528ed3401

উত্তৰ প্ৰদেশৰ বস্তি জিলাত এটি তিনিমহীয়া কেঁচুৱা ক’ৰ’নাত আক্ৰান্ত হৈছে। এই খবৰে এতিয়া উত্তৰ প্ৰদেশৰ লগতে দেশৰ আন প্ৰান্ত সমূহত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে শিশুটি আৰু মাকৰ নমুনা গোৰখপুৰ মেডিকেল কলেজত পৰীক্ষা কৰোৱা হৈছিল আৰু সোমবাৰে নিশা শিশুটিৰ ৰিপ’ৰ্ট পজিটিভ পোৱা যায়। অৱশ্যে মাকৰ এতিয়াও ৰিপ’ৰ্ট অহা নাই।

বৰ্তমান শিশুটি আৰু মাতৃগৰাকীক চিকিৎসালয়ৰ আইছ’লেশ্যন কক্ষত ৰখা হৈছে।

জানিব পৰা মতে, ৩০ মাৰ্চত ক’ৰ’নাত আক্ৰান্ত হৈ গোৰখপুৰত মৃত্যু হোৱা মিলট নগৰৰ এজন যুৱকৰ সৈতে মহিলা আৰু শিশুটিৰ সম্বন্ধ আছিল।

উল্লেখ্য যে মিলট নগৰ অঞ্চলক ক’ৰ’না ভাইৰাছৰ হটস্পট হিচাপে চিহ্নিত কৰা হৈছে। ইফালে জিলাখনত এই পৰ্যন্ত ১৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে।

উত্তৰ প্ৰদেশত ক’ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত আছে। ৰাজ্যখনত এই পৰ্যন্ত ৬৫৭ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।