NORTHEAST NOW (Assamese)
অসম

কেনেদৰে বিহু উদযাপন কৰিলে অভিনেতা মিলিন্দ সুমনে? পত্নীৰ সৈতে আনন্দ ল’লে কণী যুঁজৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2020 1:55 pm
untitled_3_1586844483_618x347 new

অসমৰ জোৱাই বলীউদৰ অভিনেতা তথা মডেল মিলিন্দ সুমনে পত্নী অংকিতা কোঁৱৰৰ সৈতে কেনেদৰে বিহু উদযাপন কৰিলে?

১৪ এপ্ৰিলত দেশৰ আন প্ৰান্তৰ লগতে ১৪ এপ্ৰিলত অসমত ৰঙালী বিহু উদযাপন কৰা হৈছে। লকডাউনৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখি ছেগাছোৰোকাকৈ বিহু উদযাপন কৰা হৈছে।

ইয়াৰ মাজতে ছবি উদ্যোগত জনপ্ৰিয় দম্পতি হিচাপে পৰিচিত মিলিন্দ আৰু অংকিতাই বিহু উদযাপন কৰা ফটো শ্বেয়াৰ কৰিছে। এই ফটোত দুয়োজনে কণী যুঁজৰ আনন্দ লোৱা দেখা গৈছে।

View this post on Instagram

A post shared by Milind Usha Soman (@milindrunning)

ফটো শ্বেয়াৰ কৰি মিলিন্দ সুমনে লিখিছে: ‘’হেপী বিহু। অংকিতাই নিজৰ পৰিয়ালক মিছ কৰিছে। সেয়েহে আমি ইয়াক উদয্যপন কৰিবলৈ অলপ কণী যুঁজকে খেলিলো। এই সময়ত পৰিয়াল, বন্ধুৰ পৰা আঁতৰি থকা সকলো লোকে ইজনে সিজনক মনত পেলোৱাৰ এই সময়ৰ আনন্দ লওক। সোনকালেই আকৌ লগ পাম, সুৰক্ষিত থাকক।‘’

ফটোখনত মিলিন্দ আৰু অংকিতাই একোটাকৈ কণী হাতত লৈ আছে। অংকিতাক পৰম্পৰাগত সাজত দেখা গৈছে। মিলিন্দেও ডিঙিত গামোছা আঁৰি লৈছে।

ইপিনে, মিলিন্দৰ মাক উষা সুমনৰ সৈতে বোৱাৰী অংকিতাক ‘ৱৰ্ক আউট’কৰাও দেখা যায়।

শেহতীয়াকৈ মিলিন্দ সুমন ছচিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ পৰিছে। নিজৰ ফিটনেছক লৈও চৰ্চাত আছে মিলিন্দ।