NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত লকডাউন উলংঘা; ৰাজ্য চৰকাৰে দিয়া টকা উলিয়াব আহিল বেংকলৈ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক April 16, 2020 2:31 pm
IMG_20200416_100319

বাক্সা জিলাৰ তামুলপুৰত লকডাউন উলংঘা কৰি বিত্তীয় প্ৰতিস্থানৰ সম্মুখত আজি গ্ৰাহকৰ অভাৱনীয়  ভীৰ দেখা গল৷

ৰাজ্য চৰকাৰে দুখীয়া লোকৰ বেংক একাউন্টত জমা কৰা ৫ হাজাৰ টকা আৰু উজ্বলা আঁচনিৰ ৰন্ধন গেছৰ কমিশ্যনৰ ধন উলিয়াবলৈ তামুলপুৰ মহকুমা সদৰৰ মাজ মজিয়াত থকা য়ুকো বেংক, অসম গ্ৰামীন বিকাশ বেংকৰ লগতে বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ সমূহত আজি পুৱাৰে পৰা গ্ৰাহকৰ যথেষ্ট ভিৰ দেখা যায়।

বেংক সমূহৰ সম্মুখত বেংকৰ কৰ্মচাৰী, সংবাদসেৱী সকলে যদিও বুজোবলৈ চেষ্টা কৰিছে কোভিড-১৯ ৰ ভয়াবহতাৰ কথা, কিন্তু গ্ৰাহক সকলে এই কথাত কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ’ল।

ইফালে পুৱাৰে পৰা তামুলপুৰত বিদ্যুত সেৱা ব্যাহত হৈ থকাৰ ফলত ইন্টাৰনেট সেৱাও ব্যাহত হৈ পৰাত বেংক সমুহে আদায় দিব পৰা নাই গ্ৰাহকক ধন।

যাৰ ফলত পুৱা পাঁচ বজাৰ পৰা বেংকৰ সন্মুখত ৰৈ থকা একাংশ গ্ৰাহকে বিফল মনেৰে উভতিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

কেইবাগৰাকী বিশেষ ভাবে সক্ষম লোকেও আহি নিৰূপায় হৈ উভতি যাব লগা হৈছে। আৰক্ষীয়ে এই লোকসকলক বুজাবৰ বহু প্ৰচেষ্টা কৰিছিল যদিও বিফল হোৱাত অৱশেষত আৰক্ষীয়ে দাবী-ধমকিৰে আঁতৰাব লগা পৰিস্থিতিৰ সৃষ্টি হয়।