NORTHEAST NOW (Assamese)
অসম

কিছুমান বহুৱাৰ বাবে দেশত ক’ৰ’নাৰ সংক্ৰমণ বাঢ়িছে; চলমানৰ তীব্ৰ খং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2020 11:11 pm

ভাৰতত ক’ৰ’না সংক্ৰমণ ৰোধৰ বাবে প্ৰথম শাৰীত থাকি যুদ্ধ কৰি অহা চিকিৎসা কৰ্মী আৰু আৰক্ষীৰ ওপৰত সংঘটিত হোৱা আক্ৰামণক কঠোৰ ভাষাৰ গৰিহণা দিছে বলিউদৰ জনপ্ৰিয় অভিনেতা চলমান খানে।

‘‘চিকিৎসকে জীৱন বচাই আছে আৰু আপোনালোকে তেওঁলোকক শিল মাৰিছে,’’ খঙত চলমানে খানে উল্লেখ কৰে।

আনহাতে, ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা যিসকল লোকে চিকিৎসালয়ৰ পৰা পলাইছে সেই সকল লোকৰ প্ৰতি তীব্ৰ বিষদগাৰ প্ৰকাশ কৰি চলমানে কিছু সংখ্যক বহুৱাৰ বাবে দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি কয়।

উল্লেখযোগ্য যে, চলমান খানে মুম্বাইৰ বহু হাজাৰ পৰিয়ালৰ ল’কডাউনৰ সময়ত খোৱা-লোৱাৰ খৰছ বহন কৰি আছে।

ভাৰতৰ উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, তেলেংগানাকে ধৰি বহু কেইখন ৰাজ্যত চিকিৎসা কৰ্মীৰ ওপৰত আক্ৰমণ সংঘটিত হৈছে।

দেশৰ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰীৰ লগতে ৰাজনৈতিক নেতা সকলে চিকিৎসাকৰ্মীৰ ওপৰত সংঘটিত আক্ৰমণক গৰিহণা দি সেইসকল লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়।