NORTHEAST NOW (Assamese)
অসম

অসমত নিমখৰ নাটনি হোৱা নাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2020 8:47 pm
Assam police fake news alert: No shortage of salt in state

অসমত নিমখৰ নাটনি হোৱা বুলি এটা ভুৱা বাতৰি বিয়পিছে।

অসম আৰক্ষীয়ে এই সন্দৰ্ভত সতৰ্কীকৰণ আগবঢ়াইছে।

“একাংশ দুষ্ট চক্ৰই অসমত নিমখৰ নাটনি হোৱা বুলি উৰাবাতৰি বিয়পোৱাৰ বাবে চেষ্টা চলাইছে। এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু ভুৱা। অসমত নিমখৰ কোনো নাটনি হোৱা নাই,” অসম আৰক্ষীৰ স্পষ্টীকৰণ।

অসম আৰক্ষীয়ে এই বাতৰিত গুৰুত্ব নিদিবলৈ ৰাইজক আহ্বান জনাইছে।

অসম আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে যে ৰাজ্যত নিমখকে ধৰি অত্যাৱশ্যকীয় সকলো সামগ্ৰী পৰ্য্যাপ্ত পৰিমাণে মজুত আছে।