NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না ভাইৰাছৰ বাবে আফ্ৰিকাত অতিকমেও ৩ লাখ লোকৰ মৃত্যু হ’ব; ৰাষ্ট্ৰসংঘৰ শংকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2020 8:00 pm

ক’ৰ’না ভাইৰাছৰ বাবে আফ্ৰিকান দেশ সমূহত হ’ব পৰা ভয়াবহ ক্ষতিৰ পূৰ্বানুমান কৰিছে  ৰাষ্ট্ৰসংঘয়।

ৰাষ্ট্ৰসংঘৰ ইকোনোমিক কমিশ্যন ফৰ আফ্ৰিকাই দাঙি ধৰা তথ্য অনুসৰি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে আফ্ৰিকাত অতিকমেও ৩ লাখ লোকৰ মৃত্যু হ’ব আৰু আফ্ৰিকান দেশসমূহত ২,৯ কোটি লোক ভয়াবহ দৰিদ্ৰতাৰ কৱলত পৰিব।

আনহাতে, আফ্ৰিকান দেশসমূহৰ জনসাধাৰণক এই ভয়াবহ সমস্যাৰ পৰা উদ্ধাৰৰ বাবে বৰ্তমান ১০০ বিলিয়ন ডলাৰ অৰ্থ সাহায্যৰ প্ৰয়োজন বুলিও সংস্থাটোৱে উল্লেখ কৰে।

আফ্ৰিনাক দেশসমূহৰ নাগৰিকৰ স্বাস্থ্য আৰু অৰ্থনৈতিক নিশ্চয়তাৰ বাবেই এই বৃহৎ পৰিমানৰ অৰ্থ সাহায্যৰ প্ৰয়োজন হৈছে বুলি সংস্থাটোৱে লগতে জনায়।

উল্লেখযোগ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই আফ্ৰিকান দেশসমূহলৈ ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী সমূহ প্ৰেৰণ কৰি আহিছে।

আফ্ৰিকাই কিছু বছৰ পূৰ্বে ইবোলা মহামাৰীৰ কৱলৰ পৰা মুৰ দাঙি উঠিছে এনে সময়ত ক’ৰ’না ভাইৰাছে আফ্ৰিকা মহাদেশত সংহাৰী ৰূপ ল’লে আফ্ৰিকাত দৰিদ্ৰতাই চৰম ৰূপ ধাৰণ কৰিব বুলি শংকা প্ৰকাশ কৰা হৈছে।