NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ মাজতে কানাডাত বন্দুকধাৰীৰ ধাৰাসাৰ গুলীবৰ্ষণত ১৬জন লোক নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 20, 2020 10:26 am
unnamed

গোটেই বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত নিৰন্তৰ মৃত্যুৰ ঘটনা ঘটিছে। সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পোৱালৈ চাই চাৰিওফালে লকডাউন পালন কৰা হৈছে।

ইয়াৰ মাজতে দেওবাৰে কানাডাৰ ইতিহাসত আটাইতকৈ বেদনাদায়ক ঘটনাটো সংঘটিত হয়।

বাতৰি অনুসৰি, লকডাউন চলি থকাৰ পাছতো দেওবাৰে আৰক্ষীৰ পোছাক পৰিধান কৰি অহা এজন বন্দুকধাৰীয়ে আততায়ীয়ে ধাৰাসাৰ গুলী চলোৱাৰ ফলত ১৬জনৰ লোক নিহত হয়।

কানাডাৰ নোৱা স্ক’টিয়া অঞ্চলত এজন ব্যক্তিয়ে যধেমধে গুলী চলোৱাৰ ফলত ১৬জন লোক নিহত হয়। এই ঘটনা কানাডাৰ ইতিহাসত আটাইতকৈ বৃহৎ হিংসাত্মক ঘটনা হিচাপে বিবেচিত হৈছে।

স্থানীয় প্ৰশাসনৰ বিষয়াসকলে জানিবলৈ দিয়া মতে যিজন ব্যক্তিয়ে এই ঘটনাটো সংঘটিত কৰিছে তেওঁক গেব্ৰিয়েল বাৰ্টমেন (৫১)বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে আক্ৰমমকাৰী লোকজনো নিহত হৈছে। প্ৰায় ১২ ঘন্টা ধৰি চলা এই গুলীয়াগুলিৰ ঘটনাত এজন আৰক্ষী বিষয়াৰো মৃত্যু হোৱা বুলি কোৱা হৈছে।

দেশখনৰ হেইলিফেংকছৰ উত্তৰ দিশৰ প্ৰায় ১০০ কিলোমিটাৰ আঁতৰৰ সৰু গ্ৰাম্য বন্দৰ ক্ষেত্ৰৰ এটা ঘৰৰ ভিতৰত আৰু বাহিৰত কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে দাবী কৰা মতে এই ঘটনা কানাডাৰ ৩০ বছৰীয়া ইতিহাসত আটাইতকৈ মৰ্মান্তিক ঘটনা।