NORTHEAST NOW (Assamese)
Popular Stories

মুখৰ লগতে ভৰিও ঢাকিব, ক’ৰ’না ভাইৰাছ নিম্নভাগেৰেও প্ৰৱেশ কৰিব পাৰে : পাকিস্তানৰ প্ৰধান মন্ত্ৰীৰ সহযোগী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 20, 2020 9:46 pm
Pak PM assistant

পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ বিশেষ সহায়কাৰী ফিৰদোছ আশ্বিক আৱানে পাকিস্তানৰ জনসাধাৰণক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মুখ ঢাকি ৰখাৰ উপৰি ভৰিও ঢাকি ৰাখিবলৈ আহ্বান জনায়।

‘‘ক’ৰ’না ভাইৰাছ নিম্নভাগেৰেও প্ৰৱেশ কৰিব পাৰে। এয়াও চিকিৎসা বিজ্ঞান,’’ইমৰাণ খানৰ সহায়কাৰী ফিৰদোছ আশ্বিক আৱানে কয়।

উল্লেখযোগ্য যে, পাকিস্তানত বৰ্তমানলৈ মুঠ ৮,০০০ লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ১৬০ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।

আনহাতে, পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণে খানে টুইট যোগে ভাৰত চৰকাৰে ইছলাম ধৰ্মৰ লোকসকলক ক’ৰ’না ভাইৰাছৰ চিকিৎসাৰ সময়ত হিটলাৰে ইহুদী সকলক কৰাৰ দৰে অত্যাচাৰ কৰা বুলি অভিযোগ কৰিছিল।

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে পাকিস্তানৰ অভিযোগ ভিত্তিহীন আৰু মিছা বুলি স্পষ্টীকৰণ দি পাকিস্তানত হিন্দু, শিখ আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ লোক সকলৰ ওপৰত চলোৱা অত্যাচৰ ঢাকিবৰ বাবে এনে অপপ্ৰচাৰ চলাইছে বুলি কয়।