NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতত ক’ৰ’না ভাইৰাছ টেষ্টৰ নামত এই পৰ্যন্ত খৰচ হৈছে প্ৰায় ১০০ কোটি টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2020 11:13 am
49c13504c57a615c24bf0567ae482c5b

ভাৰতত ক’ৰ’না ভাইৰাছৰ পৰীক্ষা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে আৰু এটা কোভিদ-১৯ টেষ্টৰ বাবদ প্ৰায় ২৫০০ টকা খৰচ হয় বুলি এটা তথ্যত প্ৰকাশ পাইছে।

চৰকাৰী আৰু ব্যক্তিগত গৱেষণাগাৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ভাৰতত এই পৰ্যন্ত ১০০ কোটিৰো অধিক ধন ক’ৰ’না টেষ্টৰ নামত খৰচ হৈছে।

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (ICMR) এ জানিবলৈ দি কয় যে ১৯ এপ্ৰিললৈকে ব্যক্তিগত আ্‌ৰু চৰকাৰী গৱেষণাগাৰত ৪০১,৫৮৬ টা নমুনাৰ টেষ্ট কৰা হৈছে।

ICMR আ্‌ৰু স্বাস্থ্য মন্ত্ৰ্যালয়ে ভাৰতৰ পৰীক্ষাৰ ৰণনীতি সঠিক বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে দেশৰ ভিতৰতে মুম্বাইত দ্বিতীয় সৰ্বাধিক ক’ৰ’নাৰ টেষ্ট সম্পন্ন হৈছে। যোৱা ৮ এপ্ৰিলত ব্যক্তিগত গৱেষণাগাৰ সমূহে বিনামূলীয়াকৈ পৰীক্ষা কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ে কৈছিল যদিও পাছত ইয়াক কিছু সংশোধন কৰা হয়।

প্ৰকাশিত তথ্য অনুসৰি এই পৰ্যন্ত মহাৰাষ্ট্ৰত ৭২,০২৩ টা পৰীক্ষাৰ বিনিময়ত ১৮ কোটি, ৰাজস্থানত ৫৭,২৯০ টা পৰীক্ষাৰ বিনিময়ত ১৪.৩ কোটি, কেৰালাত ১৯,৩৫১ টা পৰীক্ষাৰ বিনিময়ত প্ৰায় ৪.৮৪ লাখ আৰু গুজৰাটত ২৬,৫৫৪ টা টেষ্টত ৬.৬৪ কোটি টকা খৰচ হোৱা বুলি অনুমান কৰা হৈছে।

ইফালে স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি দেশত এই পৰ্যন্ত ১৮,৬০১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ৫৯০ গৰাকী লোক মৃত্যুমুখত পৰিছে।