NORTHEAST NOW (Assamese)
Popular Stories

অৰ্ণৱ গোস্বামীৰ আক্ৰমণৰ ঘটনা উদ্দেশ্য প্ৰণোদিত আৰু পৰিকল্পিত : প্ৰদেশ কংগ্ৰেছ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 23, 2020 4:14 pm

নিকৃষ্ট ৰাজনীতি কৰিবলৈ গৈ অৰ্ণব গোস্বামীয়ে সংবাদ জগতত কালিমা সনাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ।

কিছুমান অন্ধ ভক্তৰ বাহিৰে কোনো সচেতন লোকে অৰ্ণব গোস্বামীক সমৰ্থন নকৰে বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যৰ।

ইমান বিচক্ষণ সাংবাদিক হোৱাৰ পাছতো গাড়ীত পত্নী থকা স্বত্বেও দুস্কৃতিকাৰীৰ এখনো ফটো তুলিব নোৱাৰিলে নেকি বুলি ভট্টাচাৰ্যই প্ৰশ্ন কৰে।

এই আক্ৰমণৰ ঘটনাক সম্পূৰ্ণ পৰিকল্পিত তথা উদ্দেশ্য প্ৰণোদিত আখ্যা দি বিজেপিৰ পৃষ্ঠপোষকতা কৰিবলৈ গৈ অৰ্ণৱ গোস্বামীয়ে সনাতন ধৰ্মৰ বাখ্যা কৰা বুলি অভিযোগ কৰে ভট্টাচাৰ্য্যই।

“ছোনীয়া গান্ধীয়ে ইটালীক পাহৰি ভাৰতক আঁকোৱালি ল’লে, আপুনি অসমক পাহৰা নাই নে?” অৰ্ণব গোস্বামীক উদ্দেশ্যি অপূৰ্ব ভট্টাচাৰ্য্যৰ প্ৰশ্ন।

উল্লেখযোগ্য যে, অৰ্ণব গোস্বামীয়ে কালি এক talk show ত এজন কংগ্ৰেছী জ্যেষ্ঠ নেতাক উদ্দেশ্যি কৈছিল “আপোনালোকৰ দলৰ ৰোমৰ পৰা অহা ইটালীয়ান ছোনীয়া গান্ধী আজি মনে মনে আছে। মোৰ মনে কৈছে তেওঁ হিন্দু সন্যাসী হত্যা হোৱাৰ পাছতো মনে মনে আনন্দিত। তেওঁ ইটালীত ৰিপোৰ্ট দিব যে চাওক য’ত আমাৰ চৰকাৰ হৈছে তাতে আমি হিন্দু সন্যাসীক হত্যা কৰাইছো। তাৰ পৰা ৱাহ ৱাহ মিলিব।”