NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনৰ মাজতে গুৱাহাটীত ১০ লাখ টকাৰ মোবাইল চুৰি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 24, 2020 3:01 pm

ক’ৰ’না ভাইৰাছৰ বাবে চলি থকা ল’কডাউনৰ সুযোগ লৈ গুৱাহাটী মহানগৰীৰ এখন মোবাইলৰ দোকানত বৃহস্পতিবাৰে নিশা এক  চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়।

মহানগৰীৰ ভঙাগড় উৰণীয়া সেতুৰ কাষতে থকা এখন মোবাইল দোকানত সংঘটিত হয় এই চুৰিকাণ্ড৷

দোকাখনৰ পৰা প্ৰায় ১০লাখ টকাৰ সামগ্ৰী চুৰি হোৱা বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰী তপন ভূঞাই। চোৰে Oppo, VIVO, SAMSUNG কে ধৰি বিভিন্ন ব্ৰেণ্ডৰ দামী মোবাইল চুৰি কৰি নিয়ে।

ভূঞাই জনোৱা মতে চোকা অস্ত্ৰৰে দোকানৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰাৰ লগতে দোকানখনৰ গ্লাছো ভাঙি পেলায়।

ইতিমধ্যে ভঙাগৰ আৰক্ষী থানাত দোকানখনৰ স্বত্বাধিকাৰীয়ে এজাহাৰ দাখিল কৰিছে।

ভঙাগড় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।