NORTHEAST NOW (Assamese)
Popular Stories

টীয়ক চাহ বাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাবে আহত মহিলা

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক April 25, 2020 7:40 pm

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত টীয়ক টাটা এমালগেমেটেড চাহ বাগিচাত আজি বিয়লি পাত তুলি থকা অৱস্থাত এগৰাকী মহিলা বাঘৰ আক্ৰমণত আহত হয়। আহত মহিলাগৰাকী বাগিচাখনৰ খৰিপালেং বস্তিৰ বিনু মাঝি বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণ মতে টীয়ক চাহ বাগিচাৰ ১৩ নং লাইনৰ সমীপত প্ৰায় ৩০ গৰাকী মহিলা শ্ৰমিকে পাত তুলি আছিল। পাত তুলি থকা অৱস্থাতে হঠাৎ এটা নাহৰফুটুকী বাঘে মহিলা গৰাকী ওপৰত পাচফালৰ পৰা অতৰ্কিতে জপিয়াই পৰে।

কিন্তু সৌভাগ্যক্ৰমে কাষতে থকা আন শ্ৰমিকসকলে একে সময়তে খেদা মাৰি যোৱাত বাঘটোৱে মহিলা গৰাকীক এৰি চাহ গছৰ মাজত সোমাই পৰে। বাঘৰ আঁচোৰত মহিলা গৰাকী পিঠি, মূৰ আৰু কাণৰ কাষত আঘাতপ্ৰাপ্ত হয়। লগে লগে তেওঁক বাগিচাখনৰ এম্বুলেন্স যোগে টীয়ক এফ আৰ ইউ হস্পিতেললৈ অনা হয়।

ঘটনাস্থলীত উপস্থিত হোৱা ৰাইজে বাঘটোৰ সন্ধান কৰাৰ সময়ত উক্ত ঠাইত আধা খাই পৰি থকা এটা ছাগলী উদ্ধাৰ কৰিছে যদিও বাঘটোৰ কোনো সন্ধান পোৱা নাই। ঘটনাটোৱে শ্ৰমিক সকলক শংকিত কৰি তুলিছে।