NORTHEAST NOW (Assamese)
অসম

ভাল খৱৰ: প্লাজমা থেৰাপিত সম্পূৰ্ণ সুস্থ হৈ উঠিল দেশত প্ৰথমগৰাকী কৰ’না আক্ৰান্ত ৰোগী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2020 9:32 am
Development-initiated-for-a-plasma-derived-therapy-for-COVID-19

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা সংকটৰ মাজতে আহিছে এটা ভাল খৱৰ। কৰ’নাৰ প্ৰতিষেধকৰ অপেক্ষাত দেশ চিন্তিত হৈ থকাৰ সময়তে দিল্লীৰ এগৰাকী কৰ’না আক্ৰান্ত ৰোগীয়ে জগাই তুলিছে আশাৰ পোহৰ।

দেশৰ প্ৰথমগৰাকী কৰ’না আক্ৰান্ত ৰোগী প্লাজমা থেৰাপিৰ জৰিয়তে সুস্থ হৈ উঠিছে। দিল্লীৰ এগৰাকী আদহীয়া ব্যক্তি প্লাজমা থেৰাপিৰ জৰিয়তে সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

যোৱা ৪ এপ্ৰিলত ব্যক্তিগৰাকীৰ দেহত কৰ’না পজিটিভ ধৰা পৰিছিল। কিন্তু প্লাজমা থেৰাপিৰ জৰিয়তে কৰ’না যুঁত জয়ী হয় এই ব্যক্তি।

এই ঘটনাৰ পাছেত দেশৰ চিকিৎসকসকলে এতিয়া এক আশাৰ পোহৰ দেখিছে।

জানিব পৰা মতে, কৰ’না আক্ৰান্ত উক্ত ৰোগীগৰাকীৰ কিছু লক্ষণ দেখা দিয়াৰ পাছত দিল্লীৰ মেক্স হাস্পাতলত ভৰ্তি কৰা হৈছিল। কেইদিনমানৰ পাছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক অক্সিজেন দিয়া হয়।

ইয়াৰ পাছতে ৰোগীগৰাকী নিউমোনিয়াত আক্ৰান্ত হোৱাত যোৱা ৮ এপ্ৰিলত তেওঁক ভেন্টিলেশ্যনত ৰখা হয়। ৰোগীগৰাকীৰ পৰিয়ালৰ লোকে চিকিৎসকক প্লাজমা থেৰাপি কৰাৰ বাবে অনুৰোধ কৰে। প্লাজমা থেৰাপি প্ৰয়োগ কৰা তেওঁৱেই হ’ল দেশৰ প্ৰথমগৰাকী ৰোগী।

ইয়াৰ পাছত সংক্ৰমণৰ পৰা সুস্থ হৈ উঠা এগৰাকী ব্যক্তিৰ তেজৰ প্লাজমাৰে চিকিৎসা আৰম্ভ কৰা হয়। লাহে লাহে চিকিৎসকসকলে কিছু ফলাফল দেখা পায়।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে, এগৰাকী ৰক্তদাতাই ৪০০ মিলি লিটাৰ পৰ্যন্ত প্লাজমা দান কৰিব পাৰে।ইয়াৰ দ্বাৰা দুগৰাকী লোকৰ জীৱন বচাব পৰা যায়।

প্লাজমা থেৰাপিৰ ফলত লোকজন বহুখিনি সুস্থ হৈ উঠাৰ পাছত যোৱা ১৮ তাৰিখে তেওঁক ভেন্টিলেটৰৰ পৰা উলিয়াই দিয়া হয়।

দেওবাৰে ব্যক্তিগৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পাছত হাস্পাতলৰ পৰা যাৱলৈ দিয়ে।

দিল্লীৰ চিকিৎসকলে প্লাজমা থেৰাপিত লাভ কৰা এই সাফল্যত উৎসাহিত হৈ পৰিছে। এতিয়া আন ৰোগীৰ ক্ষেত্ৰতো এই প্লাজমা থেৰাপি প্ৰয়োগ কৰিবলৈ সাজু হৈছে চিকিৎসকসকল।