NORTHEAST NOW (Assamese)
অসম

হাৰ্টথ্রব জুবিন গাৰ্গৰ সম্পূৰ্ণ নামক লৈ Googleত বিভ্ৰান্তি; অনুৰাগীৰ প্ৰতিক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 28, 2020 9:16 am
zubeen-sivsagar-750x375

যুৱ প্ৰজন্মৰ হাৰ্টথ্রব জুবিন গাৰ্গৰ সম্পূৰ্ণ নাম Google ত চাৰ্চ কৰিলে ওলায় এক অদ্ভুত নাম।

জুবিনৰ সম্পূৰ্ণ নামটো জুবিন বৰঠাকুৰ যদিও Google ত তেওঁৰ নাম মহম্মদ জিহাদ হুছেইন মুন্না বুলিহে ওলোৱা পৰিলক্ষিত হৈছে।

ইয়াক লৈ জুবিনৰ অনুৰাগী সকলৰ মনত উদ্বিগ্নতাই দেখা দিছে। সকলোৰে মনত এটাই প্ৰশ্ন “জুবিন গাৰ্গৰ সম্পূৰ্ণ নামৰ ক্ষেত্ৰত কিয় এনে হৈছে?”

বহুতে এই নামৰ screen shot মাৰি ফেচবুকত আপলোড কৰি দুখ প্ৰকাশ কৰাৰ লগতে ইয়াৰ প্ৰকৃত কাৰণ জানিব বিচাৰি হাবাথুৰি খাইছে।

এজনে আকৌ লিখিছে “কিন্তু কি কাৰনে জুবিন নাম ৰাইজে হঠাৎ গুগলত বিচাৰিব লগা হ’ল?  যি প্ৰথম কথাটো ক’লে সিয়ে কৰিছে!”

আন এজনে আকৌ এয়া তথ্যৰ বিকৃতকৰণ আখ্যা দিছে। মুঠৰ ওপৰত দেওবাৰে সন্ধিয়াৰ পৰা জুবিন গাৰ্গৰ সম্পূৰ্ণ নামক লৈ হোৱা অপমান সহ্য কৰিব নোৱাৰি ফেচবুকত বিভিন্ন পোষ্ট দিয়াৰ লগতে youtube তো বিভিন্ন ভিডিও প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে।

বৰ্তমানলৈকে জুবিন গাৰ্গে এই সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

WhatsApp Image 2020-04-28 at 8.03.18 AM
গুগলত জুবিন চাৰ্চ কৰিলে ওলোৱা পেজটো।

অৱশ্যে, গুগলৰ কাৰিকৰী ত্ৰুটীৰ বাবেই এনে হৈছে নে আন কিবা কাৰণত হৈছে সেয়া  জনা নাযায়। কিন্তু অসমৰ এগৰাকী অতি জনপ্ৰিয় শিল্পীৰ সম্পূৰ্ণ নামৰ ক্ষেত্ৰত ঘটা এনে ত্ৰুটী দুৰ্ভাগ্যজনক।

অৱশ্যে, জুবিনৰ সমপৰ্যায়ৰ অন্য কণ্ঠশিল্পীৰ সম্পূৰ্ণ নামৰ ক্ষেত্ৰত তেনে বিসংগতি দেখিবলৈ পোৱা নাই।

স্বাভাৱিকতেই এই বিষয়টোৱে জুবিনৰ মৰ্যাদাকো আঘাত হানিছে বুলি বহুতে মন্তব্য কৰিছে।

যদি জুবিনৰ নামটো Google ত এইদৰে থাকি যায় তেন্তে ই নিশ্চয়কৈ ভৱিষ্যত প্ৰজন্মৰ মাজতো বিভ্ৰান্তিৰ সৃষ্টি কৰিব।

এতিয়া এইক্ষেত্ৰত অসম চৰকাৰে গুগল কৰ্তৃপক্ষক বিষয়টো অৱগত কৰি শুধৰণিৰ ব্যৱস্থা কৰাটো উচিত নহ’বনে?

উল্লেখযোগ্য যে, বৰ্তমান ইন্টাৰনেটৰ যুগত google search engine অবিহনে ডিজিটেল বিশ্বৰ সৈতে সম্পৰ্কৰ কথা প্ৰায় কল্পনাই কৰিব নোৱাৰি।

WhatsApp Image 2020-04-28 at 8.49.43 AM
জুবিন ফেনক্লাৱৰ গোহাৰি পত্ৰখন।

স্বাভাৱিকতেই বিজ্ঞান-প্ৰযুক্তি নিৰ্ভৰ সাম্প্ৰতিক সময়ত গুগলৰ ওপৰত মানুহৰ অগাধ বিশ্বাস গঢ়ি উঠিছে।

গুগলে কেৱল সমসাময়িক বিশ্বৰ তথ্য দাঙি ধৰাই নহয়, লগতে ই ইতিহাসকে ধৰি বিভিন্ন বিষয়ৰ জ্ঞানৰ ভাণ্ডাৰ হিচাপেও অনুসন্ধিৎসু লোকৰ উৎস হৈ পৰিছে।

ইপিনে জুবিনৰ নামৰ এই বিকৃতকৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন ফেন ক্লাৱে। তেওঁলোকে ইয়াক এক অপৰাধ বুলি অভিহিত কৰি কাইলৈ এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিছে।