NORTHEAST NOW (Assamese)
অসম

আই চি এম আৰে ৰেপিড এন্টিবডী টেষ্টিং কিটৰ ব্যৱহাৰ বন্ধ কৰাকলৈ চীনৰ প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 28, 2020 11:02 am
Himanta-BIswa-Sarma-1140x570

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আই চি এম আৰ)য়ে চীনৰ দুখন ফাৰ্মে বনোৱা ৰেপিড এন্টিবডী টেষ্টিং কিট ব্যৱহাৰ নকৰিবলৈ ৰাজ্যসমূহক কোৱাৰ পাছত চীনে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সোমবাৰে  আই চি এম আৰে কেইবাখনো ৰাজ্যই ইয়াৰ সক্ষমতাৰ ওপৰত প্ৰশ্ন তোলাৰ পাছত ৰাজ্য চৰকাৰসমূহক Guangzhou Wondfo Biotechআৰু Zhuhai Livzon Diagnosticsৰ পৰা অনা ৰেপিড এন্টিবডী টেষ্টিং কিট ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে।

আই চি এম আৰে সোমবাৰে জাৰি কৰা এটা বিবৃতিত গুৰুত্ব দি কয় যে ৰেপিড এন্টিবডী টেষ্টিং কিট কেবল নিৰীক্ষণৰ বাবেহে ব্যৱহাৰ কৰা উচিত আৰু লগতে কয় যে ই Wondfoআৰু Livzonৰ পৰা অহা কিটসমূহৰ প্ৰায়োগিক অৱস্থাৰ বিষয়ে মূল্যাংকন কৰি চাইছিল।

আনহাতে, চীনে মঙলবাৰে কয় যে তেওঁলোকৰ সামগ্ৰীসমূহ গুণমান সম্পন্ন আৰু বহু দেশলৈ ৰপ্তানি কৰা হৈছে।

চীনৰ দূতাবাসৰ মুখপাত্ৰ ঝি ৰঙে মঙলবাৰে জাৰি কৰা এক বিবৃতিত কয়,’’চীনৰ পৰা ৰপ্তানি কৰা চিকিৎসা সামগ্ৰীসমূহ অগ্ৰাধিকাৰভিত্তিক। চীনৰ সামগ্ৰী ‘ত্ৰুটীপূৰ্ণ’বুলি একাংশ ব্যক্তিয়ে ছাপ মাৰিব খোজাটো অনৈতিক তথা দায়িত্বহীন বক্তব্য আৰু আগতীয়া ধাৰাণাৰ বিষয় হিচাপে চাব পাৰি।‘’

মুখপাত্ৰ গৰাকীয়ে কয় যে Wondfoআৰু Livzonয়ে স্পষ্ট কৰিছিল যে তেওঁলোকৰ টেষ্টিং কিটসমূহ চীনৰ নেশ্যনেল মেডিকেল প্ৰডাক্টছ এডমিনিষ্ট্ৰেশ্যনে চীন আৰু আমদানি কৰা দেশসমূহৰ গুণগত মান পূৰণ কৰা বুলি প্ৰত্যায়িত কৰিছিল তথা পুনেৰ নেশ্যনেল ইনষেটিটিউট অফ ভাইৰ’লজিৰ জৰিয়তে আই চি এম আৰে মান্যতা প্ৰদান কৰিছিল তথা অনুমোদন জনাইছিল।

ভাৰতে চীনৰ ফাৰ্মক কেইবাহাজাৰো টেষ্টিং কিটছ আৰু কেইবালাখো পাৰ্ছনেল প্ৰটেক্টিভ ইকুইপমেন্ট (পিপিই)ৰ অৰ্ডাৰ দিছিল।

অৱশ্যে, কেইবাখনো ৰাজ্য চৰকাৰে  Wondfoআৰু Livzonৰ পৰা অহা কিটসমূহৰ বিসংগতিৰ বিষয়ে অৱগত কৰিছিল।

অসমেও চীনৰ গোৱংঝও চহৰৰ পৰা ৰেপিড টেষ্টিং কিটৰ উপৰি ৫০,০০০ পিপিই আনিছিল।

চীনৰ পৰা আমদানি কৰা এই পিপিই খিনি অসমৰ কোভিড-১৯ৰ বিৰুদ্ধে সেৱাত অৱতীৰ্ণ হোৱা চিকিৎসক তথা নাৰ্ছসকলে ব্যৱহাৰ কৰাৰ কথা আছিল।