NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত একেদিনাই দুজন লোক ক’ৰ’না পজিটিভ; বঙাইগাঁৱৰ পাছত গোৱালপাৰাৰ এগৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিদ-১৯

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া April 28, 2020 4:23 pm
Healthcare workes to go for home visit in Golaghat from 7 May

অসমত আজিৰ দিনটোত বঙাইগাঁও জিলাৰ শালমাৰাত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ দেহত মৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত গোৱালপাৰা জিলাত আন এগৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

বঙাইগাঁও আৰু গোৱালপাৰা জিলাত ক’ৰ’না প’জিটিভ ব্যক্তি পোৱাৰ পাছত আজিৰ দিনটোত ৰাজ্যত দুগৰাকীকৈ লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ঘটনাই ৰাজ্যৰ স্বাস্থ্য বিভাগক চিন্তিত কৰি তুলিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দুইটাৰ যোগে গোৱালপাৰা জিলাৰ ব্যক্তি গৰাকীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ কথা সদৰি কৰে।

অসমত এতিয়া ৩৬ গৰাকীলৈ বৃদ্ধি পালে কোভিদ-১৯-ত আক্ৰান্তৰ সংখ্যা।

আজি ক’ৰ’না পজিটিভ ধৰা পৰা গোৱালপাৰাৰ ব্যক্তি গৰাকী নিজামুদ্দিন মাৰ্কাজৰ লগত পৰোক্ষভাৱে সম্পৰ্ক থকা বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত হোৱা মুঠ ৩৭ গৰাকী ৰোগীৰ ভিতৰত ২৭ গৰাকী লোকে ইতিমধ্যে আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে।

অসমত এগৰাকী ৰোগী কোভিদ-১৯-ৰ ফলত মৃত্যু হোৱাৰ পাছত বৰ্তমান ৯ টা সক্ৰিয় প’জিটিভ ঘটনা আছে।