NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না : আমেৰিকাত ১০ লাখ লোক আক্ৰান্ত, মৃত্যুৰ সংখ্যা অতিক্ৰম কৰিলে ৫৯ হাজাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2020 9:14 am
Wuhan-coronavirus-750x375

বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰত অব্যাহত আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। দেশখনত এই পৰ্যন্ত ১০ লাখৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় ৫৯ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

চীনৰ পৰা সম্প্ৰসাৰিত হোৱা মহামাৰী ক’ৰ’না ভাইৰাছত ১০ লাখৰো অধিক লোক আক্ৰান্ত হোৱা আমেৰিকা বিশ্বৰ একমাত্ৰ দেশ। দেশখনত মঙলবাৰে ১০ লাখৰ সীমা অতিক্ৰম কৰে।

ইফালে সমগ্ৰ বিশ্বত এই মহামাৰী ভাইৰাছবিধ ৩১ লাখৰো অধিক লোকৰ দেহত সংক্ৰমিত হৈছে। আনহাতে বিশ্বজুৰি মৃত্যু হৈছে ২ লাখ ১৩ হাজাৰৰো অধিক লোকৰ।

এই সংকটৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, ‍‘আমি আক্ৰান্ত আৰু সেই লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিম যিয়ে নিজৰ আত্মীয় আৰু প্ৰিয়জনক হেৰুৱাইছে। এই ধৰণৰ ঘটনা পূৰ্বে কেতিয়াও ঘটা নাই’।

তেওঁ লগতে আত্মবিশ্বাসেৰে ক’ৰ’নাৰ বিৰুদ্ধে জয়ী হ’বলৈ সক্ষম হ’ব বুলি মন্তব্য কৰি কয়, ‍‘আমি অত্যন্ত দুখী। কিন্তু আমি প্ৰত্যাৱৰ্তন কৰিম। আমি শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিম’।

উল্লেখ্যে যে ক’ৰ’না ভাইৰাছে আমেৰিকাৰ লগতে বিশ্বৰ আন আন শক্তিশালী দেশ সমূহকো সংকটৰ গৰাহলৈ ঠেলি দিছে।