NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না বিৰোধী যুঁজলৈ পুনৰ সহায় অক্ষয়ৰ; এইবাৰ মুম্বাই আৰক্ষীলৈ আৰ্থিক সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2020 10:14 am

বিশ্বৰ অন্য প্ৰান্তৰ লগতে ভাৰততো সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস নোপৱাত পুনৰ এবাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ।

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ অলপতে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকা প্ৰদান কৰা অক্ষয়ে এইবাৰ সহায় আগবঢ়াইছে মুম্বাই আৰক্ষীক।

খিলাড়ী কুমাৰ ৰূপে পৰিচিত অক্ষয়ে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ মুম্বাই আৰক্ষীক ২ কোটি টকা প্ৰদান কৰিছে। মুম্বাই আৰক্ষীয়ে এই কথা টুইটাৰযোগে জনাইছে।

মুম্বাই আৰক্ষীৰ আয়ুক্ত পৰম বীৰ সিঙে মুম্বাই আৰক্ষীক আৰ্থিকভাৱে সহায় কৰা বাবে অক্ষয় কুমাৰ টুইটাৰযোগে ধন্যবাদ জনায়। তেওঁ লগতে এই বৰঙণিয়ে চহৰখনৰ সুৰক্ষাৰ দায়িত্বত থকা মুম্বাই আৰক্ষীৰ পুৰুষ আৰু মহিলা কৰ্মীসকলক উপকৃত কৰিব বুলি মন্তব্য কৰে।

আনহাতে অক্ষয় কুমাৰে এই সন্দৰ্ভত কয়, ‍‘মই মুম্বাই আৰক্ষীৰ হেড কনিষ্টবল চন্দ্ৰকান্ত পেণ্ডুৰকাৰ আৰুসন্দীপ চুৰ্বেক চালাম জনাইছো, যিয়ে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজি নিজৰ জীৱন ত্যাগ কৰিলে। মই মৰ কাম কৰিছো’।

উল্লেখ্য যে অক্ষয় কুমাৰৰ এই মহানুভৱতা আৰু দেশপ্ৰেমক সকলো শ্ৰেণীৰ জনসাধাৰণে শলাগ লোৱা পৰিলক্ষিত হৈছে।