NORTHEAST NOW (Assamese)
অসম

মহানগীৰৰ ফাঁচি বজাৰত এটা ৰক্তদান শিবিৰ উদ্বোধন কৰে মন্ত্ৰী পিয়ুষ হাজিৰকাই

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 29, 2020 7:44 pm
index.jpg65

অখিল ভাৰতীয় তেৰাপান্থ যুৱ পৰিষদৰ উদ্যোগত ফাঁচীবজাৰত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই অনুষ্ঠানিকভাবে উদ্বোধন কৰে এই ৰক্তদান শিবিৰ।

উদ্বোধন কৰি সংবাদ মাধ্যমক ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হাজৰিকাই কয়, ‘ল’কডাউনৰৰ ফলত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তেজৰ কিছু নাটনি হৈছে। চিকিৎসালয়খনৰ এই নাটনি দূৰ কৰিবৰ বাবে অখিল ভাৰতীয় তেৰাপান্থ যুৱ পৰিষদৰ উদ্যোগত ফাঁচীবজাৰত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে।’

অসমত ক’ৰ’না ভাইৰাছৰ লক্ষণ পূৰ্বতকৈ কিছু সলনি হোৱাৰ সন্দেহ কৰা হৈছে৷ যোৱা কালিৰ দুটা ঘটনাত তাৰে প্ৰমাণ পোৱা গৈছে৷মন্ত্ৰী হাজৰিকাই কয়।

‘১৬ বছৰীয়া কিশোৰী গৰাকীয়ে ককাক দীৰ্ঘদিন ধৰি লগ পোৱা নাছিল৷এতিয়ালৈ পোৱা ৮০ শতাংশ কভিড ৰোগী A symptomatic,  A symptomatic মানে কাৰ গাত থাকে কোনেও গম নাপায়, পৰীক্ষা কৰিলেহে উলাই পৰ আমি ইতিমধ্যে গুৰুতৰভাবে cantact ট্ৰেছিং আৰম্ভ কৰিছো।’ মন্ত্ৰীৰ হাজৰিকাৰ মন্তব্য।

কালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৈতে বঙাইগাঁওলৈ cantact ট্ৰেছিঙৰ জৰিয়তে কাৰ গাৰ পৰা আহিছিল তাকে চাবলৈ যাব বুলি যাব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে দিল্লীত থকা অসমৰ কভিড ১৯ আক্ৰান্ত সকলক অনাৰ বাবে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। দিল্লী চৰকাৰে অনুমতি দিলেহে তেওঁলোকক আনিব পৰা যাব৷

‘বহুতে অসমৰ ৰোগীক অৱহেলাৰ অভিযোগ উত্থাপন কৰিছে, কিন্তু এই ক্ষেত্ৰত আমি নেদেখাকৈ ক’ব নোৱাৰো অসমৰ ৰোগী সকলক লৈ আমি খুবেই serious ।’ মন্ত্ৰী  হাজৰিকাই কয়।