NORTHEAST NOW (Assamese)
Popular Stories

মেৰামতিৰ বাবে পুনৰ আজিৰ পৰা বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 1, 2020 11:13 am

গুৱাহাটী মহানগৰীৰ লগত উত্তৰ পাৰক সংযোগ কৰা পুৰণি শৰাইঘাট দলংখনৰ মেৰামতিৰ বাবে আজিৰ পৰা পুনৰ তিনিদিনৰ বাবে বন্ধ থাকিব বুলি জনাইছে ৰেইলৱে কৰ্তৃপক্ষই।

ৰেইলৱেৰ তৰফৰ পৰা জানিব পৰা মতে শৰাইঘাটৰ পুৰনি দলংখনৰ কিছু কিছু অংশ পুনৰ জহি খহি গৈছে আৰু সেই সমূহ মেৰামতি কৰাৰ বাবেই ৰেইলৱেই আজিৰ পৰা কাম পুনৰ আৰম্ভ কৰিব।

মেৰামতিৰ বাবে আজি দিনৰ ১২ বজাৰ পৰা অহা তিনিদিনৰ বাবে দলংখনেৰে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ থাকিব। মেৰামতিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পাছত অৰ্থাৎ ৪ মে’ৰ পৰা যাতায়াতৰ বাবে দলংখন পুনৰ মুকলি কৰিব দিব বুলি জনাইছে উত্তৰ-পূব ৰেইলৱেৰ জনসংযোগ বিষয়া নৃপেন ভট্টাচাৰ্যই।

বিষয়া গৰাকীয়ে নৰ্থ-ইষ্ট নাওক ফোন যোগে জানিবলৈ দি কয়, ‍‘পুৰণি শৰাইঘাট দলঙখন যথেষ্ট মেৰামতিৰ প্ৰয়োজন হৈ পৰিছিল। কিছু কিছু অংশত কাৰ্পেটিং এৰি গৈছিল। বৰ্তমান যিহেতু লকডাউন সেয়ে জনসমাগম কম, লগতে মানুহৰ যাতায়াত বন্ধ হৈ থাকোতেই দলংখন মেৰামতিৰ সিদ্ধান্ত লয় ৰেল’ৱে কৰ্তৃপক্ষই’।

তেওঁ লগতে পুৰণি দলংখন বন্ধ হৈ থকাৰ সময়ছোৱাত নতুন দলঙেৰে যাতায়াত কৰিব পাৰিব লগতে মালবাহী ট্ৰেইন সমূহ তলেৰে চলি থাকিব বুলিও জনায়।

উ্লেখ্য যে যোৱা বছৰ প্ৰায় তিনিমাহৰো অধিক সময় শৰাইঘাটৰ এই পুৰণি দলংখন বন্ধ কৰি ৰেইলৱে কৰ্তৃপক্ষই মেৰামতিৰ কাম কৰা পৰিলক্ষিত হৈছিল। কিন্তু এবছৰ নহওতেই এতিয়া পুনৰ মেৰামতি কৰিব লগীয়া হোৱা ঘটনাই স্বাভাৱিকতে ৰেইলৱে কৰ্তৃপক্ষৰ কামৰ ওপৰত সাধাৰণ জনতাৰ সন্দেহ উপজিছে।