NORTHEAST NOW (Assamese)
অসম

লিডুত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ May 1, 2020 7:42 pm

আজি বিয়লী ভাগত মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী থানাৰ সন্মুখত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়।

জানিব পৰা মতে লিডু আৰক্ষী চকীৰ সন্মুখত এজন পথচাৰীক তীব্ৰ বেগত আহি থকা এখন বলেৰ’ পিক আপ গাড়ীয়ে খুন্দা মৰাত উক্ত লোকজনৰ থিতাতে মৃত্যু হয়। বাতৰি যুগুত কৰা সময়লৈকে নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে, চৰকাৰে ঘোষণা কৰা লকডাউনৰ বাবে ব্যক্তিগত বাহনেৰে তিনিচুকীয়াৰ পৰা জাগুনলৈ খাদ্য সামগ্ৰী কঢ়িয়াই আনি থকা এ এচ ২৩ বিচি ৮৩০৩ নম্বৰৰ বলেৰ’ পিক আপ গাড়ীখনে বিয়লী ভাগত লিডু আৰক্ষী চকীৰ সন্মুখত উক্ত পথচাৰীজনক প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে।

দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন লেখাপানী আৰক্ষীয়ে জব্দ কৰিছে।