NORTHEAST NOW (Assamese)
Popular Stories

বিটিচিৰ ১০০০ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ; উভতি ধৰিলে বিপিএফে

Posted by: ৰিণয় বসুমতাৰী Updated by: ৰিণয় বসুমতাৰী May 4, 2020 9:41 am

য়ুপিপিএলৰ কেন্দ্ৰীয় কমিটিৰ সদস্য পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালত বিটিচিত ১০০০ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি অনা অভিযোগৰ এদিন পিছতে দেওবাৰে বিপিএফে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে।

বিপিএফৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ধনেশ্বৰ গয়াৰীয়ে কালি পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে অনা অভিযোগৰ সন্দৰ্ভত তীব্ৰ প্ৰকাশ কৰি ‘কেৱল ৰাজ্যপাল নহয় তাতকৈ ওপৰৰ তদন্ত কৰিলেও মই সাঁজু’ বুলি কয়।

উল্লেখযোগ্য যে যোৱা শনিবাৰে মেচে বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু ধনেশ্বৰ গয়াৰীৰ লগতে কেইগৰাকীমান ঠিকাদাৰ বিৰুদ্ধে ১০০০ কোটি টকা ধন আত্মসাৎৰ অভিযোগ আনি ৰাজ্যপালৰ তদন্তৰ দাবী জনাইছিল।

লগতে পঢ়ক বিটিচিত ১০০০কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ অভিযোগ আৰ টি আই কৰ্মীৰ

মেচে অনা অভিযোগ সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰি গয়াৰীয়ে কয় যে এইক্ষেত্ৰত চিবিআই বা যিকোনো উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে তেওঁ আৰু তেওঁৰ দল সাজু আছে।

ইপিনে য়ুপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে মেচে অনা অভিযোগৰ সমৰ্থনত ফেচবুক প’ষ্টৰ জৰিয়তে সমগ্ৰ বিষয়টো তদন্ত কৰি দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ ৰাজ্যপাল জগদীশ মুখীক আহ্বান জনাইছিল।