NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় মহিলা হকী দলৰ ২০ লাখ টকা সংগ্ৰহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2020 2:05 pm
Hockey

মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় মহিলা হকী দলটোৱে ২০ লাখ টকাৰ অৰ্থৰাশি সংগ্ৰহ কৰিছে। দলটোৱে সংগ্ৰহ কৰা এই ধনৰাশিৰ জৰিয়তে দেশৰ প্ৰায় ১০০০ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰিব পাৰিব।

যোৱা ১৭ এপ্ৰিলৰ পৰা ৩ মে’লৈ চলা এই ফিটনেছ চেলেঞ্জৰ জৰিয়তে উক্ত ধনৰাশি সংগ্ৰহ কৰে মহিলা হকী দলটোৱে।

দেওবাৰে সামৰণি পৰা এই ফিটনেছ চেলেঞ্জত হকী দলটোৱে মুঠ ২০,০১,১৩০ টকা সংগ্ৰহ কৰে। এই ধনৰাশি দিল্লীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন উদয় ফাউণ্ডেশ্যনক দিয়া হৈছে।

জানিব পৰা মতে, ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত চলা লকডাউনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা প্ৰৱাসী শ্ৰমিকক সহায় কৰাৰ উদ্দেশ্যে মহিলা হকী দলটোৱে এই কাৰ্যসূচী গ্ৰহণ কৰিছিল।

ভাৰতীয় মহিলা হকী দলৰ অধিনায়িকা ৰাণী ৰামপালে কয়, ‍‘এই প্ৰচেষ্টাত যেণেধৰণৰ সঁহাৰি লাভ কৰিছো। সেয়া দেখি আমি অভিভূত। জনসাধাৰণে, বিশেষকৈ বিশ্বজুৰি ভাৰতীয় হকী দলটোক ভাল পোৱা সকলে এই ফিটনেছ চেলেঞ্জত ভাগ লয় আৰু এই প্ৰচেষ্টাত আৰ্থিক সহায় আগবঢ়ায়’।

ইয়াৰ উফৰি তেওঁ লগতে কয়, ‍‘দুখীয়া লোকসকলৰ সহায়ৰ বাবে কৰা এই প্ৰচেষ্টাত সঁহাৰি জনোৱা সকলো লোককে ভাৰতীয় হকী দলৰ হৈ মই ধন্যবাদ জনাইছো’।

আনহাতে হকী দলটোৰ উপ-অধিনায়ক তথা গলকীপাৰ সবিতা পুনিয়াই কয়, ‍‘এই বিষয়ে আমি মুখ্য প্ৰশিক্ষকৰ লগত আলোচনা কৰিছিলো। আমি ভবা নিছিলো যে সাধাৰণ জনতাৰ ৰা ইমান সঁহাৰি পাম’।