NORTHEAST NOW (Assamese)
Popular Stories

আকৌ উঃ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত অভিযুক্ত অৰ্ণৱ গোস্বামী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2020 8:36 am
arnab-goswami-2342020m

আকৌ এবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী।

যোৱা ১৪ এপ্ৰিলত মুম্বাইৰ বাণ্ড্ৰাত সমবেত হোৱা বৰ্হি ৰাজ্যৰ শ্ৰমিকসকলক লৈ অৰ্ণৱ গোস্বামীয়ে নিজৰ টিভিৰ টক শ্ব’ত সাম্প্ৰদায়িক ৰং দিয়াৰ অপচেষ্টা কৰা বুলি তেওঁৰ বিৰু্দ্ধে মুম্বাই আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছিল।

ইতিমধ্যে মুম্বাই আৰক্ষীয়ে এই এজাহাৰ ভিত্তিত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে আৰক্ষী থানালৈ গোস্বামীক তলক কৰি মৰাথান জেৰাও চলাইছিল।

সাংবাদিক অৰ্ণৱ গোস্বামীয়ে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা প্ৰকাশ কৰিছে।

গোস্বামীয়ে ‘এজাহাৰখন ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ আৰু এই সংক্ৰান্তত মুম্বাই আৰক্ষীৰ ব্যৱহাৰ ‘ইল-উইল এণ্ড মেলিক টুৱাৰ্ড’ বুলি দাবী কৰিছে।

উল্লেখ্য অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে উক্ত টক শ্ব’ত মুছলমান বিদ্বেষ আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগল তুলি এজাহাৰ দাখিল কৰিছিল ৰাজা এডুকেশ্যনেল চ’ছাইটিৰ সচিব ইৰফান আবুবকৰ শ্বেইখে।

আনহাতে ইতিমধ্যে মুম্বাই পালঘৰ গণ প্ৰহাৰ কাণ্ডকলৈ নিজৰ টিভিৰ টক শ্ব’ত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই এজাহাৰ দাখিল কৰিছিল।

এই সংক্ৰান্তত অৰ্ণৱ গোস্বামীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত তিনি সপ্তাহৰ বাবে সকাহ লাভ কৰিছিল।