NORTHEAST NOW (Assamese)
অসম

প্ৰব্ৰজিত শ্ৰমিক সকলক খোজকাঢ়ি ঘৰলৈ উভতি নাহিবলৈ আহ্বান মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2020 10:45 am
Sivraj Sing Chauhan

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলক খোজকাঢ়ি ঘৰলৈ নাহিবলৈ আহ্বান জনাইছে মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে।

‘‘তেওঁলোকে ধৈৰ্য্য ধৰিব লাগিব….আমাৰ নিয়ন্ত্ৰণ কক্ষক তেওঁলোকৰ সবিশেষ দিয়ক…ৰাজ্য চৰকাৰ প্ৰব্ৰজিত শ্ৰমিক সকলক ঘৰলৈ ওভটাই অনাৰ ক্ষেত্ৰত দায়বদ্ধ,’’ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়।

আনহাতে, মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই পৰ্যন্ত ৰাজ্যখনলৈ ১.২৫ গৰাকী প্ৰব্ৰজিত শ্ৰমিকক ওভটাই আনিবলৈ সক্ষম হৈছে বুলি কয়।

উল্লেখযোগ্য যে, শুকুৰবাৰে ৰাতিপুৱা মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত মালবাহী ৰে’লৰ খুন্দাত ১৫ গৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু হোৱাৰ পাছতে এনেদৰে ঘোষণা কৰে শিৱৰাজ সিং চৌহানে।

ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে  ইতিমধ্যে ঔৰংগাবাদৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ পাছত বিভিন্ন প্ৰান্তত লাখ লাখ প্ৰব্ৰজিত শ্ৰমিক আৱদ্ধ হৈ পৰিবলগীয়া হৈছিল।

কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ সহযোগত বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা শ্ৰমিক সকলক ঘৰলৈ ওভটাই অনাৰ বাবে বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে।

বিগত মাহতো বহু কেইগৰাকী প্ৰব্ৰজিত শ্ৰমিকে খোজকাঢ়ি ঘৰলৈ উভতি অহাৰ সময়ত ৰাজপথতে মৃত্যুক আকোৱালি ল’বলগীয়া হৈছিল।