NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত ৰাজপুতনা ৰাইফলছৰ দ্বাৰা আলফা(স্বা)ৰ লিংকমেন আটক

Posted by: অভিক চক্ৰৱৰ্তী February 21, 2018 7:26 pm
9th Battalion of Rajputana Rifles apprehended a suspected Ulfa (I) linkman at Nadua

মঙলবাৰে ৰাজপুতনা ৰাইফলছৰ ৯ম বেটেলিয়নে ডিব্ৰুগড় জিলাৰ নাদুৱাত এজন সন্দেহযুক্ত আলফা(স্বা)ৰ লিংকমেন আটক কৰে।

ধৃত লিংকমেন জনক ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ সঞ্জয় দাস বুলি চিনাক্ত কৰা হৈছে।

সেনা বাহিনীৰ এক সূত্ৰই নৰ্থ-ইষ্ট নাওক কয়, ‘স্থানীয় সূত্ৰৰ পৰা পোৱা এক বিশেষ খবৰৰ ভিত্তিত নাদুৱাত আলফা(স্বা)ৰ লিংকমেনৰ উপস্থিতিৰ কথা জানিব পাৰি আমি আৰক্ষীৰ সৈতে অঞ্চলটোত এক যুটীয়া অভিযান চলাই লোকজনক তেওঁৰ বাসগৃহৰ পৰা আটক কৰো।’

‘লোকজনৰ কবলৰ পৰা আমি ১ লাখ টকাৰ নকল ২,০০০ টকীয়া নোট উদ্ধাৰ কৰো।’ সূত্ৰটোৱে লগতে কয়।

ধৃত সঞ্জয় দাস আলফা(স্বা)ৰ হৈ নকল টকা প্ৰচলনৰ লগতে কেইবাতাও ধন দাবী ঘটনাৰ সৈতে জড়িত।

তেওঁক পিছত ৰহমৰীয়া আৰক্ষী থানাত গতাই দিয়া হয় য’ত তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত U/S 489(A) নম্বৰৰ এক গোচৰ ৰুজু কৰা হয়।

উল্লেখ্য যে ৰাজপুতনা ৰাইফলছৰ ৯ম বেটেলিয়নে নকল ভাৰতীয় টকা ছপোৱা আন এক চক্ত উৎখাত কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে।