NORTHEAST NOW (Assamese)
অসম

কয়লাৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অভিযান

Posted by: এন ই নাও, শিৱসাগৰ : November 24, 2017 10:48 am

কয়লাৰ অবৈধভাৱে কৰা সৰবৰাহৰ আৰু অতিৰিক্ত বোজাই কৰা কয়লাভৰ্তি গাড়ীৰ বিৰুদ্ধে বুধবাৰে নিশা বিহুবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনিল কুমাৰ বৰুৱাৰ নেতৃত্বত চলা অভিযানত চাৰিখনকৈ ট্ৰাক জব্দ কৰা হয়। শিৱসাগৰ জিলাৰ উপায়ুক্তৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছিল বুলি জানিব পৰা গৈছে। জব্দ কৰা ট্ৰাককেইখনত অনুমোদিত পৰিমাণৰ ওপৰঞ্চি কয়লা সৰবৰাহ কৰাৰ লগতে চালানকেইখন ভুৱা আছিল বুলি জনা গৈছে, যিটোক চৰকাৰক ৰাজহ ফাঁকি দিব খোজা বুলি আৰক্ষীৰ সূত্ৰই কয়। নাগালেণ্ডৰ নাগিনীমৰাৰ পৰা এইদৰে অসমৰ মাজেদি দেশৰ বিভিন্ন ঠাইলৈ কয়লাৰ অবৈধ সৰবৰাহ নিয়মীয়াকৈ চলি থাকে বুলি জানিব পৰা গৈছে। এইদৰে অনা কয়লা নাজিৰাৰ বিভিন্ন ঠাইত কাঠফুলাৰ দৰে গঢ় লৈ উঠা কয়লাৰ ডিপোটত মজুত কৰি পিছত সুবিধা অনুসৰি সেইবোৰৰ সৰবৰাহ কৰা হয়। ফলত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱায়। অভিযানত জব্দ কৰা ট্ৰাককেইখনৰ নম্বৰ হ’ল ক্ৰমে AS 18 A 0943, AS 01 BC 5445, AS 09 C 5614 আৰু AS 01 AC 6247. ট্ৰাককেইখন শিৱসাগৰ জিলা পৰিৱহণ কাৰ্য্যালয়ত নথি-পত্ৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।