NORTHEAST NOW (Assamese)
অসম

বিভাগৰ কাৰ্যালয় কক্ষতে চিপ লৈ আত্মহত্যা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য May 12, 2020 1:14 pm
noose

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্যবিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপকে আত্মহত্যা কৰিছে।

বিশ্ববিদ্যালয়খনৰ নিজা বিভাগৰ কাৰ্যালয় কক্ষতে চিপ লৈ আত্মহত্যা কৰাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে অধ্যাপক অভিজিৎ শৰ্মা নামৰ অধ্যাপকগৰাকীৰ মৃতদেহ।

বিশ্ববিদ্যালয়খনৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে খিৰিকীৰে অধ্যাপক শৰ্মাক চিপ লৈ থকা অৱস্থা দেখা পাই লগে লগে কৰ্তৃপক্ষক অৱগত কৰে।

বিশ্ববিদ্যালয়খনৰ পুৰণি আৱাসৰ ১৫ ইউনিটৰ আৱাসী অধ্যাপক শৰ্মাই পুৱা ৮ বজাত কাৰ্যালয়লৈ আহি আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে।

শৰ্মাই পত্নীৰ সৈতে দুগৰাকী কন্যা সন্তান এৰি থৈ গৈছে।

অধ্যাপক শৰ্মাই চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাত বিশ্ববিদ্যালয়খনৰ সকলোৱে হতভম্ব হৈ পৰিছে।

এক সূত্ৰৰ মতে শৰ্মাৰ এনে চৰম পন্থা ল’বলগীয়া কোনো কাৰণ নাছিল।

“কিছুদিন পূৰ্বে দিন পূৰ্বে তেওঁ এখন নতুন গাড়ী ক্ৰয় কৰিছিল আৰু তেওঁ জীৱনবোধসম্পন্ন লোক আছিল। তেওঁৰ সকলোৰে সৈতে বন্ধুত্বসুলভ সম্পৰ্ক আছিল।” সূত্ৰটোৱে কয়।

সূত্ৰটোৰ মতে শৰ্মা এগৰাকী মেধাবী ব্যক্তি আছিল। ইতিমধ্যে শৰ্মাৰ কেবাখনো গ্ৰন্থ প্ৰকাশো পাইছে।

“একাডেমিক বিষয়ত তেওঁ কেতিয়াও আপোচ কৰা নাছিল।” সূত্ৰটোৱে লগতে কয়।

ইতিমধ্যে তেওঁৰ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।