NORTHEAST NOW (Assamese)
অসম

ইমৰাণ খানক ভাৰত আক্ৰমণ কৰাৰ আহ্বান পাক অধিকৃত কাশ্মীৰৰ প্ৰধান মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2020 2:02 pm
Raja-Farooq-Haiderimran-khan-1140x570

পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ প্ৰধান মন্ত্ৰী ৰাজা ফাৰুক হাইদৰে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানক সেনা বাহিনীৰ জৰিয়তে ভাৰত আক্ৰমণ কৰাৰ আহ্বান জনাইছে।

বাতৰি অনুসৰি, কোভিড-১৯ৰ সংহাৰৰ মাজতে সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত থকা গাঁওসমূহ ভ্ৰমণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়ায়।

‘’প্ৰধান মন্ত্ৰী ইমৰাণ খানে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবই লাগিব আৰু কিছু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগিব। কেবল মৌখিক বিবৃতিৰে কাম নহ’ব। আপুনি আগবাঢ়ি আহিবই লাগিব আৰু আপোনাৰ সেনা বাহিনীক ভাৰত আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ক,’’-তেওঁৰ উদ্ধৃতিৰে বাতৰিত এইদৰে কোৱা হৈছে।

ৰাজা ফাৰুক কাশ্মীৰ সম্পৰ্কত তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে পৰিচিত।

কেইমাহমান পূৰ্বে তেওঁ আকৌ কৈছিল যে জম্মু-কাশ্মীৰত সশস্ত্ৰ সংগ্ৰাম (সন্ত্ৰাসবাদী কাৰ্যকলাপ) অব্যাহত থাকিবই লাগিব।

সম্প্ৰতি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত পাকিস্তানৰ পৰিস্থিতি ভাল নহয়। তদুপৰি, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো পাকিস্তানৰ স্থিতি দুৰ্বল হৈ পৰিছে।

এনে সময়তে পাক্ অধিকৃত কাশ্মীৰৰ প্ৰধান মন্ত্ৰী ৰাজা ফাৰুকৰ এনে বিতৰ্কিত মন্তব্যই দেশখনলৈ বিপদ মাতি অনাৰ বাহিৰে আন একো উদ্দেশ্য সাধন কৰিব নোৱাৰে বুলি ভাৱে পৰ্যবেক্ষক মহলে।