NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বৰ ১২৭ খন দেশৰ বাবে ভাৰতৰ চাৰিটা কোম্পানীয়ে প্ৰস্তুত কৰিব ৰেমডেছিভিৰ (remdesivir) ঔষধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 13, 2020 10:03 am
representive image

গিলিয়দে ভাৰত আৰু পাকিস্তানৰ পাঁচটা ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানক বিশ্বৰ ১২৭ দেশৰ বাবে ৰেমডেছিভিৰ ঔষধ প্ৰস্তুত কৰাৰ বাবে ৰয়োল্টি ফ্ৰী অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে।

ভাৰতৰ চাৰিটা আৰু পাকিস্তানৰ এটা কোম্পানীয়ে এই অনুজ্ঞাপত্ৰ লাভ কৰে।

গিলিয়দৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰা ভাৰতৰ কোম্পানী চাৰিটা হ’ল- চিপলা, হেটেৰো লেব, জুবিলাণ্ট লাইফষ্টাইল আৰু মাইলান।

আনহাতে, পাকিস্তানৰ কোম্পানীটো হ’ল ফিৰোজচ’নছ লেবৰটোৰিছ।

ভাৰত আৰু পাকিস্তানৰ ফাৰ্মাচিউটিকেল কোম্পানী কেইটাই ৰোয়েল্টি ফ্ৰী অনুজ্ঞাপত্ৰ লাভ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই কোভিড-১৯ মহামাৰীৰ সমাপ্তি ঘটা বুলি ঘোষণা নকৰালৈ আৰু ইয়াৰ ভেকচিন নোলোৱা পৰ্যন্ত এই কোম্পানী কেইটাই ৰেমডেছিভিৰ প্ৰস্তুত কৰাৰ বাবে ৰোয়েল্টি বিহীন অনুজ্ঞাপত্ৰৰে কাম কৰিব লাগিব।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না সংক্ৰমিত ৰোগী সকলৰ চিকিৎসাত ৰেমডেছিভিৰ ঔষধে যথেষ্ট ফলপ্ৰসুভাৱে কাম কৰিছে বুলি জানিব পৰা গৈছে।

মূলত আফ্ৰিকাত প্ৰাদৃৰ্ভাৱ ঘটা জিকা ভাইৰাছৰ চিকিৎসাৰ বাবে এই ঔষধবিধ প্ৰস্তুত কৰা হৈছিল।

ইয়াৰ পূৰ্বে ভাৰতে বিশ্বৰ বহু কেইখন দেশলৈ হাইড্ৰ’ক্সিক্লৰ’কুইনৰ যোগান ধৰিছিল।