NORTHEAST NOW (Assamese)
উত্তৰ-পূব

১৩ অংকৰ ম’বাইল নম্বৰ! অনিশ্চয়তা দূৰ কৰিলে দূৰসংযোগ বিভাগে

Posted by: এন ই নাও নিউজ February 22, 2018 12:13 pm
M2M

দেশৰ সকলো ম’বাইল নম্বৰ ১৩ অংক বিশিষ্ট হ’ব বুলি সৰ্বত্ৰ চৰ্চা চলি থাকোতে ইয়াক খণ্ডন কৰিছে কেন্দ্ৰীয় দূৰসংযোগ বিভাগে।

বুধবাৰে দূৰসংযোগ বিভাগে স্পষ্ট কৰি কয় যে দেশৰ ভিন্ন প্ৰান্তৰ ম’বাইল ব্যৱহাৰকাৰী সকলৰ নম্বৰ ১৩ অংক বিশিষ্ট কৰা হ’ব বুলি যি চৰ্চা চলিছে তাৰ কোনো বাস্তৱিক ভিত্তি নাই।

অৱশ্যে বিভাগটোৱে ইলেক্ট্ৰ’নিক যন্ত্ৰাংশ (electronic devices)ৰ মাজত প্ৰত্যক্ষ যোগাযোগ স্থাপনৰ বাবে যন্ত্ৰৰ পৰা যন্ত্ৰলৈ অৰ্থাৎ machine-to-machine (M2M) ছিম কাৰ্ডৰ বাবেহে উক্ত ১৩ অংকৰ নম্বৰ প্ৰযোজ্য হ’ব বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় দূৰসংযোগ বিভাগৰ উক্ত নিৰ্দেশনাৰ কোনো প্ৰভাৱ পুৰণি ১০ অংকৰ ম’বাইল নম্বৰ ব্যৱহাৰকাৰীৰ ওপৰত নপৰে।

ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বিএছএনএলৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি ১৩ অংকৰ machine-to-machine (M2M) আঁচনিখন অহা পহিলা জুলাইৰ পৰা কাৰ্যকৰী কৰা হ’ব।

উক্ত দিনাৰ পৰাই সকলো নতুন machine-to-machine (M2M) ম’বাইল নম্বৰ সংযোগ ১৩ অংক বিশিষ্ট হ’ব।ইতিমধ্যে এক পত্ৰযোগে এই সন্দৰ্ভত নেটৱৰ্ক যোগানকাৰী প্ৰতিষ্ঠান জেডটিই আৰু ন’কিয়া ছ’লিউচ্যনক যাৱতীয় নিৰ্দেশ দিছে বিএছএনএলে।

ইয়াৰ বাবে সংশ্লিষ্ট প্ৰতিষ্ঠান সমূহে পহিলা জুলাইৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।