NORTHEAST NOW (Assamese)
Popular Stories

‘আৰু অধিক শক্তিশালী হ’ব ভাৰত-আমেৰিকাৰ বন্ধুত্ব’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 16, 2020 4:55 pm
index

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বন্ধুত্ব আৰু অধিক শক্তিশালী হ’ব। এক টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ বিনিময়ত ভেন্টিলেটৰ্ছ দিয়াৰ প্ৰস্তাৱ দিয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য প্ৰদান কৰিছে।

শনিবাৰে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৰে।

‘‘ধন্যবাদ ড’নাল্ড ট্ৰাম্প। এই মহামাৰীৰ সময়ত আমি সকলোৱে সন্মিলিতভাৱে কাম কৰিছো। এই সময়ত ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ কাম কৰা আৰু আমাৰ বিশ্বখনক স্বাস্থ্যকৰ কৰি ৰখাৰ লগতে কোভিড১৯ৰপৰা মুক্ত কৰাটো গুৰুত্বপূৰ্ণ।’’ মোদীয়ে টুইটাৰত কয়।

‘‘ভাৰত-আমেৰিকাৰ বন্ধুত্বক ইয়ে আৰু অধিক শক্তিশালী কৰি তুলিব।’’ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্প্ৰতি ড’নাল্ড হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ বিনিময়ত ভাৰতক ভেন্টিলেটৰ্ছ প্ৰেৰণৰ কথা টুইটাৰত ঘোষণা কৰিছিল।

‘‘মই এইটো ঘোষণা কৰিবলৈ পাই গৰ্বিত যে ইউনাইটেড ষ্টেটে আমাৰ বন্ধু ভাৰতলৈ ভেন্টিলেটৰ্ছ দান কৰিম। আমি ভাৰত সৈতে আছো।’’ ট্ৰাম্পে টুইটত এইদৰে কৈছিল।

আমেৰিকাই ভেন্টিলেটৰ সমূহ ২০০ খন মোবাইল বিমানেৰে ভাৰতলৈ প্ৰেৰণ কৰিব।

উল্লেখ্য যে এই ভেন্টিলেটৰৰ এটাৰ মূল্য হৈছে ১৩,০০০ ইউ এছ ড’লাৰ, ভাৰতীয় হিচাপত যাৰ মূল্য প্ৰায় ৯.৬ লাখ টকা।

ইয়াৰ বাবে ভাৰতে আমেৰিকাক অতিৰিক্ত প্ৰায় ২.৬ মিলিয়ন এউ এছ ড’লাৰ দিব লাগিব।