NORTHEAST NOW (Assamese)
Popular Stories

অৰুণাচলৰ লংডিঙত গাঁওবাসীৰ ওপৰত সেনাৰ গুলীচালনা; এজন নিহত, আহত কেইবাজন

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ May 16, 2020 7:45 pm

অৰুণাচল প্ৰদেশৰ লংডিং জিলাত আজি ভাৰতীয় সেনাৰ শিখ ৰেজিমেণ্ট আৰু স্থানীয় ৰাইজৰ মাজত এক হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত হয়। উক্ত ঘটনাত সেনাৰ গুলীত এজন লোকৰ প্ৰাণ হেৰুৱায়।

প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পুমাও গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

সেনাৰ গুলীচালনাত লামদান লুককাম নামৰ ৬০ বছৰীয়া এজন বৃদ্ধ থিতাতে নিহত হোৱাৰ লগতে আন কেইবাজনো গাঁওবাসী আহত হয়। ইপিনে সেনাৰো ৬জন জোৱান আঘাতপ্ৰাপ্ত হয়।

উল্লেখযোগ্য যে পুমাও অঞ্চলৰ জিমফু ৱাংনাও নামৰ এজন লোকক সেনাৰ দ্বাৰা প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু সেনাৰ মাজত আজি এখন ‘শান্তি সভা’ আয়োজন কৰা হৈছিল।

এই সভাতে সেনা আৰু স্থানীয় ৰাইজৰ মাজত কিবা কথাক লৈ বাক-বিতণ্ডা লাগে আৰু ইয়াৰ পাছতে কোনো সমাধান নোহোৱাকৈ সেনাৰ দলটোৱে সভা ত্যাগ কৰি সেই স্থানৰ পৰা যাবলৈ লয়।

সেনাৰ এনে আচৰণত ক্ষুব্ধ হৈ একাংশ গাওঁবাসীয়ে সেনালৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰিবলৈ উদ্যত হয় যাৰ প্ৰত্যুত্তৰত সেনাৰ দলটোয়ে গুলী চালনা কৰে।

আনহাতে সেনা বাহিনীয়ে অঞ্চলটোত বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত এন এছ চি এন (আই এম)ৰ এজন কেডাৰক বিচাৰি অভিযান চলাওঁতে গাঁওবাসীয়ে বাধা দিয়াৰ কাৰণে উক্ত ঘটনাটো সংঘটিত হ’ল বুলি অভিহিত কৰিছে।

ঘটনাটোক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে।