NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ ৫ টা অঞ্চলক কন্টেইনমেন্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম June 23, 2020 10:15 pm
Part of Jorhat DC'S office complex declared containment zone, employee tests positive

গুৱাহাটীত ২২ জুন তাৰিখে ক’ভিড-১৯ত আক্ৰান্ত হোৱা বিশ্বনাথ চাৰিআলিৰ বাসিন্দা বিজয় শংকৰ দাসৰ প্ৰাথমিক সংস্পৰ্শলৈ অহা বিশ্বনাথৰ পাঁচটা অঞ্চলক বিশ্বনাথ জিলা প্ৰশাসনে আজি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ’ন ঘোষণা কৰে।

ইতিমধ্যে জিলা প্ৰশাসনে উক্ত পাচোঁটা অঞ্চলে ছীল কৰিছে ৷

গুৱাহাটীত এটা বেংকত কৰ্মৰত বিজয় শংকৰ দাস বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰস্থিত নিজা ঘৰলৈ আহি বিশ্বনাথ নগৰৰ একাধিক ঠাইত ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনত কোভিড-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে তেওঁৰ সংস্পৰ্শলৈ অহা সম্ভাব্য এলেকাসমূহ তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ এলেকাসমূহ ছীল কৰে।

আজি ৰাতিপুৱা ১০ বজাৰ পৰা কাৰ্য্যকৰী হোৱাকৈ জিলা প্ৰশাসনে কন্টেইনমেন্ট জ’ন ঘোষণা কৰা অঞ্চল ৫টা হৈছে ক্ৰমে- ১) ক’ভিড-১৯ত আক্ৰান্ত বিজয় শংকৰ দাসৰ শান্তি পুৰৰ বাসগৃহ, কালিচৰন দাস, প্ৰদীপ দাস আৰু সঞ্জীৱ দাসৰ বাসগৃহ সমন্বিতে অঞ্চলটো, ২) বিশ্বনাথ নগৰৰ মিষ্টিমুখ দোকান, ৩)বুক চেন্টাৰ, ৪) ৰমনী বষ্ট্ৰালয় আৰু ৫) জয় ভাৰত চেলুন আৰু পেৰিছ বিউটি পাৰ্লাৰ।

বিশ্বনাথ জিলা দণ্ডাধীশে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০ অনুসৰি জাৰি কৰা আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে  নিষিদ্ধ কৰিছে ।

এই সময়ছোৱাত এই নিয়ন্ত্ৰিত এলেকাত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে অনান্য কোভিড-১৯ৰ নিয়ম সমূহ মানি চলাটো বাধ্যতামূলক ৷

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব ৷

এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম ক’ভিড-১৯ নিয়মাৱলী ২০২০, দুৰ্যোগ প্ৰশমন আইন ২০০৫,  মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭’ৰ লগতে অনান্য আইনৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিব দিছে ।