NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ সৈতে ‘মতানৈক্য’ স্বীকাৰ আৰএছএছৰ; সংঘৰ দাবী এয়া ‘পৰিয়ালৰ সমস্যা’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 4, 2024 7:54 am

বিজেপি আৰু সংঘৰ মাজত সমন্বয়ৰ অভাৱৰ কথা এতিয়া মুকলিকৈ স্বীকাৰ কৰিলে আৰ এছ এছে। অৱশ্যে এই সমস্যা ‘পৰিয়ালকেন্দ্ৰিক’ বুলি দাবী সংঘৰ। সোনকালে সমাধানো হৈ গ’ল। এই ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ মাজত বিবাদ হলে যিদৰে নিষ্পত্তি কৰা হয়, সেইদৰে সকলো সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা হৈছে।

বিজেপিৰ মতাদৰ্শগত ভিত্তি হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। লোকসভা নিৰ্বাচনৰ সন্মুখত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই দলটোত সংঘৰ ভূমিকাক অস্বীকাৰ কৰে। এক সাক্ষাৎকাৰত তেওঁ দাবী কৰে যে, ‘বিজেপি এতিয়া যথেষ্ট সক্ষম। আৰ এছ এছৰ সহায় অবিহনে দল হিচাপে চলিব পাৰে।”

লগতে পঢ়কঃ ‘বুলডজাৰৰ নীতি’ত ক্ষুব্ধ উচ্চতম ন্যায়ালয় : চৰকাৰে কোনো কাৰণত ভাঙিব নোৱাৰিব অভিযুক্তৰ ঘৰ

বিজেপিৰ সভাপতিগৰাকীৰ ভাষাত, ‘আৰম্ভণিতে আমি অক্ষম আছিলোঁ। হয়তো পৰিসৰত সৰু আছিলো। আৰ এছ এছৰ প্ৰয়োজন আছিল। কিন্তু আজি আমি বহুত ডাঙৰ হৈ গৈছোঁ। বহুত সক্ষম। বিজেপিয়ে এতিয়া নিজকে চলাব জানে। পূৰ্বৰ বিজেপি আৰু আজিৰ বিজেপিৰ মাজত সেয়াই পাৰ্থক্য।”

কোৱা বাহুল্য যে নাড্ডাৰ এই মন্তব্য আৰ এছ এছে ভালকৈ লোৱা নাছিল। অনুমান কৰা হৈছে যে বিজেপিৰ সভাপতিৰ এই মন্তব্যৰ পিছত সংঘৰ স্থানীয় পৰ্যায়ৰ কৰ্মীসকল লোকসভা নিৰ্বাচনত সক্ৰিয় হৈ উঠা নাছিল। বিজেপিৰ হৈ কাম কৰাটো দূৰৰ কথা, কোনোধৰণৰ সমন্বয়ো ৰখা নাছিল। দুয়োটা শিবিৰৰ মাজৰ দূৰত্বৰ বাবে কৰ্মীসকলে বহি গৈছিল বুলি আৰ এছ এছৰ নেতৃত্বই কাৰ্যতঃ মানি লৈছে। আৰএছএছ বহি থকাৰ বাবেই লোকসভাত বিজেপিৰ ফলাফলৰ অৱনতি ঘটিছে বুলিও একাংশ বিশেষজ্ঞৰ ধাৰণা।

লগতে পঢ়কঃহাৰিয়ানাত গৰু সৰবৰাহকাৰী সন্দেহত ‘ভুলতে’ দ্বাদশ শ্ৰেণীৰ ছাত্ৰক গুলীয়াই হত্যা গোৰক্ষকৰ

এতিয়া আৰ এছ এছে এই বিষয়ে মুখ খুলিছে। সংঘৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুনীল আম্বেকাৰে কয় যে বিজেপি আৰু আৰএছএছৰ মাজত সমন্বয়ৰ অভাৱ আছিল। এই ক্ষেত্ৰত সকলো সমস্যা আলোচনাৰ জৰিয়তে সমাধান কৰা হৈছে, ঠিক যিদৰে পৰিয়ালৰ সদস্যৰ মাজত বিবাদ নিষ্পত্তি কৰা হয়। তেওঁ কয় যে বিজেপি আৰু আৰএছএছৰ বিশ্বাস আৰু লক্ষ্য একে, গতিকে আমি একে ভেটিতে থকা উচিত।