NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

কাৰাগাৰ ভাঙি পলায়নৰ চেষ্টা : কংগোত মৃত্যু কমেও ১২৯ জনৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 3, 2024 9:35 pm

কংগোত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কংগোৰ এটা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়নৰ চেষ্টা কৰি নিহত হৈছে শতাধিক লোক।

মঙলবাৰে কাৰাগাৰৰ কৰ্তৃপক্ষই জনোৱা মতে, কংগোৰ ৰাজধানী চহৰখনৰ মূল কাৰাগাৰৰ দেৱাল ভাঙি পলায়নৰ চেষ্টাত কমেও ১২৯ জন লোকৰ মৃত্যু হয়। যাৰ ফলত সমগ্ৰ অঞ্চলটোতে এক হুলস্থূলীয়া পৰিৱেশৰ দৃষ্টি হয়।

কংগোৰ স্বৰাজ মন্ত্ৰী জেকমিন শ্বাবানীয়ে ‘এক্স’যোগে কয় যে সোমবাৰে পুৱা কিনছাছাৰ মাকালা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলাবলৈ চেষ্টা কৰি থকা অৱস্থাত ২৪ জন কয়দীক গুলীয়াই হত্যা কৰা হয়।

চৰকাৰে জনোৱা মতে এই ঘটনাত ৫৯ জন আহত লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে কেইবাজনো ধৰ্ষণৰ গোচৰত অভিযুক্ত বু্লি জানিবলৈ দিছে। 

কাৰাগাৰটোলৈ পুনৰ শান্তি-শৃঙ্খলা ঘূৰাই আনিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এম্নেষ্টী ইণ্টাৰনেশ্যনেলে শেহতীয়া দেশৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি কংগোৰ সৰ্ববৃহৎ কাৰাগাৰ মাকালাত ১৫০০ গৰাকী কয়দী থাকিব পৰা ঠাই আৰু সুবিধা আছে। কিন্তু অতিৰিক্তভাবে কাৰাগাৰটিত ১২০০০ ৰো অধিক কয়দীক ৰখা হৈছে। ইয়াৰে অধিকাংশই বিচাৰৰ অপেক্ষাত আছে। যাৰ ফলত কাৰাগাৰটোত এই অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰে কয়দীসকলে।

জানিব পৰা মতে, কংগোৰ অন্যান্য কাৰাগাৰৰ লগতে মাকালাতো ইমানেই ভিৰ যে মানুহে প্ৰায়ে অনাহাৰে মৃত্যুবৰণ কৰে । কাৰাগাৰসমূহ ভিৰমুক্ত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই বছৰ কেইবাজনো কয়দীক মুকলি কৰি দিয়া হৈছে।