NORTHEAST NOW (Assamese)
অসম

Google Pay বন্ধ কৰাৰ দাবী; উচ্চ ন্যায়ালয়ত গোচৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2020 8:28 am
google-pay-app

Google Payৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ভাৰতত তেওঁলোকে ৰিজাৰ্ভ বেংক আৰু নেশ্যনেল পেমেন্টছ কৰ্পোৰেশ্যনৰ নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ উঠিছে।

এই বিষয়টো তদন্ত কৰি চোৱাৰ নিৰ্দেশ দিয়াৰ আবেদন জনাই শুভম কাপালে নামৰ এজন ব্যক্তিয়ে দিল্লী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছে।

আবেদনকাৰীয়ে তদন্ত শেষ নোহোৱালৈকে ভাৰতত গুগল পে’ৰ কামকাজ স্থগিত ৰখাৰো দাবী তুলিছে।

উচ্চ ন্যায়ালয়ে আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিছে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশা মেননৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে এই আবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ, ৰিজাৰ্ভ বেংক, গুগল পে’ আৰু সংশ্লিষ্ট পক্ষসমূহলৈ জাননী জাৰি কৰিছে।

বিচাৰপীঠখনে আগন্তুক তিনি সপ্তাহৰ ভিতৰত সকলো পক্ষকে উত্তৰ দিয়াৰ নিৰ্দেশ দিয়ে।

দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত গুগল পে’ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো নিৰপেক্ষ সংস্থাৰ দ্বাৰা তদন্ত কৰাৰ দাবী তোলা হৈছে।

তদুপৰি, তদন্তত অভিযোগ প্ৰমানিত হ’লে এই সংস্থাক বৃহৎ পৰিমানৰ জৰিমনা বিহাৰ বাবেও আবেদন কৰা হৈছে।

আবেদনখনত কোৱা হৈছে যে জৰিমনাৰ সেই বৃহৎ ধনৰাশি দেশৰ কোভিড সাহায্য পুঁজিত ব্যৱহাৰ কৰা হওক।