NORTHEAST NOW (Assamese)
অসম

নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ উদ্যোগত পুৰণিগুদামত সাংবাদিকক সম্বৰ্ধনা

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা May 17, 2020 8:05 pm

সম্প্ৰতি ক’ভিড-১৯ত ভাইৰাছে সমগ্ৰ বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো ক’ৰনা ভাইৰাছত ইতিমধ্যে ৯২ জন লোক আক্ৰান্ত হৈছে৷

এই বিভীষিকাময় পৰিৱেশত সমাজৰ এজন অতন্দ্ৰ প্ৰহৰী হিচাপে জনসাধাৰণক সদা জাগ্ৰত কৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি অহা পুৰণিগুদাম আৰু চামগুৰিৰ সাংবাদিক সকলক সম্বৰ্ধনা জনোৱাৰ উদেশ্যে দেওবাৰে দুপৰীয়াৰ ভাগত নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থা আৰু নগাঁও জিলা আন্তঃপৰীক্ষা পৰিষদৰ উদ্যোগত নগাঁও জিলাৰ পুৰণিগুদামত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷

দেওবাৰে দুপৰীয়া প্ৰায় ১২ মান বজাত পুৰণিগুদাম ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি ৰঞ্জিত কুমাৰ শইকীয়া, সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱা, চামগুৰি আঞ্চলিকৰ উপদেষ্টা তৰুণ বৰা, সম্পাদক অঞ্জন শইকীয়া আৰু সংস্থাৰ কৰ্মকৰ্তা ইন্টু কাকতিৰ উপস্থিতিত অনুষ্টুপীয়াকৈ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷

অনুষ্ঠানত বাতৰি কাকত আৰু বৈদ্যুতিক মাধ্যমৰ কেইবা গৰাকীও সাংবাদিকক এখন ফুলাম গামোচা, এখন সম্বৰ্ধনা পত্ৰ আৰু নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থৰে সম্বৰ্ধনা জনায়৷

উল্লেখ্য যে, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কৰ্মৰত সাংবাদিক সকলক কৃতজ্ঞতা জ্ঞাপনৰ লগতে আগন্তুক দিনবোৰত নিষ্ঠা সহকাৰে অতি সতৰ্কতাৰে নিজৰ কৰ্ম দায়িত্ব পালন কৰি দেশ, জাতি তথা মানৱতা ৰক্ষাৰ অৰ্থে ৰাইজক সজাগ কৰি যাবৰ বাবেও অনুষ্ঠানটোৰ জৰিয়তে আহ্বান জনায়।