NORTHEAST NOW (Assamese)
Popular Stories

অসমত তিনিজনলৈ বৃদ্ধি কোভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 18, 2020 12:49 pm
Death in times of COVID 19 – Is India prepared to tackle mass casualty?

কোভিড-১৯ আক্ৰান্তত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে।

আজি দিনৰ ১১.০৫ বজাত GMCH-ত চিকিৎসাধীন হৈ থকা অৱস্থাতে উক্ত লোকজনৰ মৃত্যু হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে গোৱালপাৰাৰ গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰ (৭১) এগৰকী কেন্সাৰ ৰোগীও আছিল।

তেওঁ যোৱা ১২ মে’ত মুম্বাইৰ পৰা উভতি আহিছিল আৰু ১৩ মে’ত তেওঁৰ দেহত ধৰা পৰিছিল কোভিড-১৯ৰ অৱস্থিতি।

লগতে পঢ়ক ৰাজ্যত পুনৰ দুজন ক’ভিড-১৯ পজিটিভ; ১০২লৈ বৃদ্ধি পালে আক্ৰান্ত সংখ্যা

উল্লেখযোগ্য যে গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰৰ পূৰ্বে কৰিমগঞ্জৰ এগৰাকী ব্যক্তি আৰু গুৱাহাটীৰ এগৰাকী যুৱতী কোভিড-১৯ৰ ফলত মৃত্যু হৈছিল।

বৰ্তমানলৈকে ৰাজ্যত ক’ৰ’নাত আক্ৰান্ত হৈ ৩ গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে ৫৬জন চিকিৎসাধীন হৈ আছে।

ইয়াৰ উপৰি সুস্থ হৈ উঠা ৪১ গৰাকীয়ে ব্যক্তিয়ে চিকিৎসালয়ৰ পৰা মুক্তি পাইছে তথা দুজনক স্থানান্তৰিত কৰা হয়।