শ্ৰমিকক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে মধ্যপ্ৰদেশত শ্ৰম সিদ্ধি অভিযান মুকলি মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

শ্ৰমিক সকলক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে শুকুৰবাৰে শ্ৰম সিদ্ধি অভিযান মুকলি কৰে।
শ্ৰম সিদ্ধি অভিযানৰ অধীনত প্ৰতিখন গাঁও পঞ্চায়তত থকা শ্ৰমিক সকলৰ ঘৰে ঘৰে গৈ কৰা সমীক্ষাৰ অন্তত শ্ৰমিক সকলক কৰ্মসংস্থাপন দিয়া হ’ব।
প্ৰশিক্ষণহীন শ্ৰমিক সকলক এমজিএনৰেগাৰ অধীনত কৰ্মসংস্থাপন দিয়াৰ বিপৰীতে প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক সকলক তেওঁলোকৰ যোগ্যতা অনুসৰি অন্যান্য কামত নিয়োগ কৰা হ’ব।
শ্ৰম সিদ্ধি অভিযান মুকলি কৰি মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই অভিযানৰ ফলত শ্ৰমিক সকল লাভৱান হ’ব বুলি মত প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, ল’কডাউনৰ ফলত বিভিন্ন ৰাজ্যত কৰ্মৰত বহু সংখ্যক শ্ৰমিক মধ্যপ্ৰদেশৰ নিজৰ ঘৰলৈ উভতি আহিছে।
মূলত বিভিন্ন ৰাজ্যৰ পৰা উভতি অহা শ্ৰমিক সকলক আৰু ৰাজ্যত থকা নিবনুৱা সকলক সকাহ দিয়াৰ উদ্দেশ্যেই মধ্যপ্ৰদেশ চৰকাৰে এই আঁচনি মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।