NORTHEAST NOW (Assamese)
Popular Stories

অসমৰ মুখ্যমন্ত্ৰী সোণোৱালে টেলিফোনত কি ক’লে নগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 23, 2020 2:34 pm
nagaland313

নগালেণ্ডলৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ’ৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক টেলিফোনকি বাৰ্তালাপ কৰে।

ক’ৰ’নৈতংকৰ সময়ত দুয়োখন ৰাজ্যৰ দুই চুবুৰীয়া ৰাজ্যৰ লীমা ছীল কৰাকলৈ এক অস্থিৰ পৰিৱেশৰ সূচনা হৈছে সীমান্তৱৰ্তী অঞ্চলসমূহত।

উল্লেখ্য যে, ক’ৰ’নাতংকৰ বাবেং অসম আৰু নগালেণ্ডৰ সীমামুৰীয়া জিলা ক্ৰমে অসমৰ শিৱসাগৰ আৰু চৰাইদেউৰ সীমান্ত নগালেণ্ড চৰকাৰে ইতিমধ্যে ছীল কৰি দিছে।

এই টেলিফোনিক বাৰ্তালাপত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ক ছীল কৰা অসম-নগালেণ্ড সীমান্ত মুকলি কৰিবলৈ অনুৰোধ কৰে বুলি জানিব পৰা গৈছে।

এইক্ষেত্ৰত নগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ’ৱে ইতিবাক সঁহাৰি প্ৰদান কৰা জানিবলৈ দিছে এক বিশেষ সূত্ৰই।

এই সীমান্ত ছীল কৰাৰ ফলত চাহ শিল্পৰ লগত জড়িত আৰু নিৰ্মাণ খণ্ডত নিয়োজিত লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল।

ছীল কৰা সীমান্ত নগালেণ্ড চৰকাৰে খুলি দিলে উক্ত শ্ৰমিক তথা লোকসকল সূচল যাতায়াতৰ ক্ষেত্ৰত বিশেষবভাৱে সহায়ক হ’ব।

আশা কৰা হৈছে মুখ্যমন্ত্ৰীদ্বয়ৰ এই টেলিফোনিক বাৰ্তালাপৰ পিছত নগালেণ্ড চৰকাৰে ছীল কৰা অসম-নগালেণ্ড সীমান্ত নগালেণ্ড চৰকাৰে শীঘ্ৰেই মুকলি কৰি দিব।