NORTHEAST NOW (Assamese)
Popular Stories

কিমান ক্ষতি কৰিলে সাগৰীয় ধুমুহা আম্ফানে? কিমান লোক গৃহহীন হ’ল ? : জানিবলৈ পঢ়ক…

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2020 6:31 pm
featured-2-1

সাগৰীয় ধুমুহা আম্ফানে পশ্চিমবংগত প্ৰায় ১৩ বিলিয়ন ইউ এচ ড’লাৰ সম্পদৰ ক্ষতি কৰিছে।

যিটো ভাৰতীয় হিচাপত প্ৰায় ৯৮,৭৬৯ কোটি, ৭৭ লাখ, ৫০ হাজাৰ টকাৰ সম্পত্তি।

ইপিনে আম্ফানৰ ফলত মৃত্যু হৈছে ১০২ গৰাকী লোকৰ।

এটা দশকৰ ভিতৰত আটাইতকৈ শক্তিশালী সামুদ্ৰিক চাইক্ল’নৰূপে বিবেচিত হোৱা এই আম্ফানত  ভাৰত আৰু বাংলাদেশত প্ৰায় ৩ মিলিয়ন লোক গৃহহীন হোৱাৰ বাবে নিৰাপদ ঠাইলৈ স্থানান্তৰণ কৰা হৈছে।

এই আম্ফানত ১৩ মিলিয়ন মানুহ আক্ৰান্ত হোৱাৰ লগাতে প্ৰায় ১.৫ মিলিয়ন আৱাস গৃহ ক্ষতিসাধন হৈছে।

পশ্চিমবংগৰ চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠান ৰয়টাৰে এইদৰে কয়।

কেৱল উত্তৰ ২৪ পৰগণা জিলাতে ৮০ হাজাৰ লোক এই ভয়ংকৰ ধুমুহাত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় ৭০০ খন গাঁও বানপানীত বুৰ গৈছে।

সামাজিক ব্যৱধান ৰক্ষা কৰি ৰাজ্যখনত হাজাৰো অধিক সাহায্য শিবিৰ স্থাপ কৰা হৈছে।

অন্যহাতে ৰাজধানী কলকতাত প্ৰতি ঘণ্টাত ১৩৩ কিলোমিটাৰ গতি বেগত বলা আম্ফানে বহু বগৰাই বিধ্বস্ত কৰি গৈছে।