NORTHEAST NOW (Assamese)
অসম

আৰু ছজন ক’ভিড-১৯ পজিটিভ, অসমত মুঠ ৩৫৮

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 24, 2020 7:59 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

আৰু ছগৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে; মুঠ আক্ৰান্ত ৩৫৮লৈ বৃদ্ধি পাইছে।

আটাইকেইজন আক্ৰান্ত সৰুসজাই কুৱাৰেণ্টিন কেন্দ্ৰৰ।

ইয়াৰে দুগৰাকীকৈ আক্ৰান্ত পশ্চিম কাৰ্বি আংলং আৰু হোজাইৰ আৰু এজনকৈ আক্ৰান্ত নলবাৰী আৰু গুৱাহাটীৰ।

ইয়াকে লৈ দেওবাৰৰ দিনটোত এতিয়ালৈকে ৰাজ্যত মুঠ ১২গৰাকী ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

অসমত ক’ভিড-১৯ আক্ৰান্তৰ ৫৭গৰাকী আৰোগ্য হৈছে আৰু চাৰিগৰাকীৰ মৃত্যু ঘটিছে।

বৰ্তমান ৰাজ্যত সক্ৰিয় ক’ভিড-১৯ ৰোগী সংখ্যা ২৯৪গৰাকী।

দেওবাৰেই কিছুসময় পূৰ্বে সৰুসজাই ষ্টেডিয়ামৰ কুৱাৰেন্টাইন চেন্টাৰত  আক্ৰান্ত হৈছিল দুগৰাকীকৈ লোক।

তাৰ কিছু সময় পূৰ্বে ৪ গৰাকীৰ দেহত ধৰা পৰিছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ২ গৰাকী তেজপুৰ কুৱাৰেন্টাইন চেণ্টাৰত থকা চিৰাং জিলাৰ। অন্য দুগৰাকী যোৰহাটৰ যাৰ চেন্নাইৰ পৰা অহা ট্ৰেভেল হিষ্টৰী আছে।

কালিৰ দিনটোত দিনটোত ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

পৰহিৰ দিনটোত ৰাজ্যত একেলগে সৰ্বাধিক ৪৯ গৰাকী লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ।

২২ মে’ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত পাঁচদিনৰ ভিতৰত দুই শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ২৯৭ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।