NORTHEAST NOW (Assamese)
অসম

অসমত ৩৭৮লৈ বৃদ্ধি ক’ভিড ৰোগী, আৰু ২০গৰাকী চিনাক্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 24, 2020 8:35 pm
2411 persons cured of COVID-19 in Assam

অসমত ৩৭৮লৈ বৃদ্ধি কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা।

এইবাৰ নলবাৰীৰ ৬ গৰাকী, কামৰূপ ৫ গৰাকী, হোজাই ৪ গৰাকী, কামৰূপ (মঃ) ২ গৰাকী, নগাওঁৰ ২ গৰাকী আৰু মৰিগাওঁৰ ১ গৰাকী আক্ৰান্ত হোৱাৰ খবৰ দিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে সৰুসজাই কুৱাৰেন্টাইন চেণ্টাৰত ছয়গৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছে। ইয়াৰে দুগৰাকী পশ্চিম কাৰ্বিআংলং, এজন নলবাৰী, দুজন হোজাইৰ, গুৱাহাটীৰ পৰা এজন আক্ৰান্ত হৈছে কোভিদ-১৯ পজিটিভত।

তাৰ ঠিক কিছুসময় পূৰ্বে সৰুসজাই ষ্টেডিয়ামৰ কুৱাৰেন্টাইন চেন্টাৰত  আক্ৰান্ত হৈছিল দুগৰাকীকৈ লোক। তাৰ কিছু সময় পূৰ্বে ৪ গৰাকীৰ দেহত ধৰা পৰিছিল ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ২ গৰাকী তেজপুৰ কুৱাৰেন্টাইন চেণ্টাৰত থকা চিৰাং জিলাৰ। অন্য দুগৰাকী যোৰহাটৰ যাৰ চেন্নাইৰ পৰা অহা ট্ৰেভেল হিষ্টৰী আছে।

আজিৰ দিনটোত মুঠ ৩২ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিদ-১৯ ত।

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালিৰ দিনটোত দিনটোত ৮৭ গৰাকীকৈ লোকৰ দেহত ক’ৰ’ণাৰ উপস্থিতি পোৱা গৈছিল।

বৰ্তমান ৩১৪ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৫৭ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

পৰহিৰ দিনটোত ৰাজ্যত একেলগে সৰ্বাধিক ৪৯ গৰাকী লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ।

২২ মে’ৰ দিনা ২২ গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ৰাজ্যত পাঁচদিনৰ ভিতৰত দুই শতাধিক  লোক  কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যোৱা ২০ মেত ৩১ গৰাকীকৈ লোক এই কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হৈছে।

ইয়াৰোপৰি, যোৱা ১৯ মে ত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ৩১৭ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।