NORTHEAST NOW (Assamese)
অসম

ঈদৰ আনন্দ পৰিহাৰ কৰি ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ওলাই আহিছে এইসকল স্বাস্থ্যকৰ্মী

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 25, 2020 4:32 pm

বিশ্বজুৰি মহামাৰী ক’ৰ’না ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে আজি ভাৰতত পালন কৰা হৈছে পবিত্ৰ ঈদ ঊল ফিটৰ।

ভাৰতৰ অন্য প্ৰান্তৰ লগতে অসমতো চৰকাৰী নিৰ্দেশ মানি সকলো ইছলাম ধৰ্মালম্বী লোকসকলে ঘৰতে পালন কৰিছে এইবাৰৰ ঈদ।

কিন্তু শিৱসাগৰৰ এইসকল স্বাস্থ্যকৰ্মীৰ বাবে এইবাৰৰ ঈদৰ আনন্দ উল্লাস কিছু ব্যতিক্ৰম।

ক’ৰ’নাৰ বিৰুদ্ধে দিনে নিশাই সন্মুখৰ পৰা যুঁজ দি অহা শিৱসাগৰৰ এই সকল স্বাস্থ্যকৰ্মীয়ে ঘৰতে পবিত্ৰ ঈদৰ নামাজ পঢ়ি ওলাই আহিছে নিজ কৰ্তব্য পালন কৰিবলৈ।

ৰাজ্যত এতিয়া ক’ৰ’না অধিক ভয়াৱহ হৈ পৰিছে। যাৰ বাবে অইন দিনাৰ দৰে আজিও এইসকল যোদ্ধাই ঘৰে ঘৰে চলাইছে জৰীপ।

ঈদৰ আনন্দ পৰিহাৰ কৰি এইদৰে ক’ৰ’না বিৰোধী যুঁজত নামি পৰিছে শিৱসাগৰৰ স্বাস্থ্যকৰ্মী মুস্তাফিজ আহমেদ,  জিয়াউৰ হুছেইন, মুৰ্চিদুৰ আৰফিন, ডাঃ ৰুবিয়া খানাম, মুৰ্জিদা বেগম, ৰিমি ফুকন।

এই মহা সংকটৰ সময়ত ৰাইজৰ সেৱাত ব্ৰতী থকা এইসকল প্ৰকৃত যোদ্ধাক সমাজৰ সকলো শ্ৰেণীৰ লোকে আন্তৰিকতাৰে ধন্যবাদ জনায়।