NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ পৰা বাংগালুৰুলৈ বিমানত অকলে যাত্ৰা কৰি মাতৃৰ কাষত উপস্থিত হ’ল পাঁচ বছৰীয়া বিহান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2020 6:32 pm

দীৰ্ঘদিনৰ পাছত সোমবাৰৰ পৰা দেশত ঘৰুৱা বিমান চলাচল আৰম্ভ হোৱাৰ সময়তে এটা পাঁচ বছৰীয়া শিশুই দিল্লীৰ পৰা বেংগালুৰুলৈ অকলে বিমান যাত্ৰা কৰাৰ বাতৰিয়ে সকলোতে চৰ্চা লাভ কৰিছে।

স্পেচিয়েল কেটেগৰী বুলি লিখা থকা এখন কাগজ লৈ যাত্ৰা কৰা পাঁচ বছৰীয়া শিশুটোক নিজ মাতৃয়ে বাংগালুৰুত লগ কৰে।

‘‘মোৰ সন্তান বিহান শৰ্মাই অকলে দিল্লীৰ পৰা বাংগালুৰুলৈ যাত্ৰা কৰে। সি তিনি মাহৰ পাছত বাংগালুৰুলৈ আহিছে,’’ বিহানৰ মাতৃয়ে কয়।

হালধীয়া চোলা পিন্ধি মুখত এন-৯৫ মাস্ক পৰিধান কৰি থকা বিহানৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে দেশত ঘোষণা কৰা ল’কডাউনৰ বাবে পাঁচ বছৰীয়া বিহান দিল্লীত আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল।

এই সময়ছোৱাত বিহানৰ মাতৃ বাংগালুৰুত আছিল।