NORTHEAST NOW (Assamese)
অসম

নিশা চতুৰ্থখন চেন্নাই-ডিব্ৰুগড় শ্ৰমিক ৰেইল উপস্থিত হয় মৰিয়নীত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 27, 2020 2:14 pm

যোৱা নিশা চতুৰ্থখন চেন্নাই-ডিব্ৰুগড় শ্ৰমিক ৰেইল উপস্থিত হয় যোৰহাট জিলাৰ মৰিয়নীত। ৰেইলখন নিশা প্ৰায় ৯ বজাত মৰিয়নী জংচনত উপস্থিত হয়।

জংচনত মুঠ ২৯ গৰাকী যাত্ৰী নামে।

চৰাইদেউ জিলাৰ ৭ গৰাকী, যোৰহাট জিলাৰ ৫ গৰাকী, শিৱসাগৰ জিলাৰ ১৭ গৰাকী যাত্ৰী গৃহভূমিলৈ উভতি আহে৷

ৰেইলখন উপস্থিত হোৱাৰ সময়ত জংচনত উপস্থিত থাকে প্ৰশাসনৰ লোক, আৰক্ষী, চিকিৎসা কৰ্মী।

স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যাত্ৰী সকলক জংচনৰ বাহিৰ ভাগত স্কেনিং কৰাৰ ব্যৱস্থা কৰে। স্কেনিঙৰ অন্তত যাত্ৰী সকলক কোৱাৰেন্টাইন চেন্টাৰলৈ লৈ যোৱা হয়৷

মৰিয়নী জংচনত যাত্ৰী সকলক বিৰোধী দলৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি আদৰণি জনায় আৰু পৰিস্থিতিৰ তদাৰক কৰে।

দূৰণিবটীয়া ৰেইল যাত্ৰী সকলৰ বাবে বিধায়ক গৰাকীয়ে চৰকাৰ আৰু ৰেইল বিভাগৰ ওচৰত ফৰকাটিং আৰু শিমলুগুৰি জংচনত নমাৰ সুবিধা কৰি দিবলৈ অনুৰোধ কৰিছিল।

বিধায়কগৰাকীৰ এই অনুৰোধক মঙলবাৰে ৰেইল বিভাগে সহাঁৰি জনোৱাৰ বাবে বিধায়ক গৰাকীয়ে জংচনত উপস্থিত থাকি চৰকাৰ আৰু ৰেল বিভাগক ধন্যবাদ জনায়।